অসম-মেঘালয় সীমান্তৰ পশ্চিম জয়ন্তীয়া পাহাৰৰ মুক্ৰোহত গুলীচালনাৰ ফলত এজন অসম বন বিষয়াসহ ৬ জন লোক নিহত হয়।
বৰ্তমান মেঘালয়ে ৰাজ্যখনৰ সাতখন জিলাত ৪৮ ঘণ্টাৰ বাবে মোবাইল ইণ্টাৰনেট সেৱা স্থগিত ৰাখিছে। মেঘালয় চৰকাৰৰ গৃহ (আৰক্ষী) বিভাগে জাৰি কৰা এক জাননীত কোৱা হৈছে যে মঙলবাৰে পুৱা ১০.৩০ বজাৰ পৰা মেঘালয়ৰ সাতখন জিলাত মোবাইল ইণ্টাৰনেট/ডাটা সেৱা স্থগিত ৰখা হৈছে। অন্যহাতে অসমৰ ফালৰ পৰা যোৱা বাহন সমূহল প্ৰৱেশতো বাধা দিয়া হৈছে।
মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে এই ঘটনাত মেঘালয়ৰ ৫ জন আৰু অসমৰ এজন বনকৰ্মীৰ মৃত্যু হয়। অন্যহাতে ঘটনাত আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।