নগাঁৱত জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ মৃতদেহ উদ্ধাৰ৷ জলসিঞ্চন বিভাগৰ কলঙ সূঁতিৰ কাষৰ তেলিয়াগাঁৱত থকা আই বিৰ কোঠাত উদ্ধাৰ হৈছে দিলীপ বৰুৱা নামৰ অভিযন্তাগৰাকীৰ মৃতদেহ৷
দিলীপ বৰুৱা জলসিঞ্চনৰ নগাঁও-বঢ়মপুৰ সংমণ্ডলৰ কাৰ্যবাহী বিষয়া আছিল ৷ বিষয়াজনক বিভাগৰ কৰ্মচাৰীয়ে কোঠাৰ ভিতৰত বিচনাতে মৃত অৱস্থাত উদ্ধাৰ কৰা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য৷ কাৰ্যবাহী অভিযন্তাজনৰ মৃত্যুৰ কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।