শিৱসাগৰৰ ঐতিহাসিক দিচাংমুখৰ বনভোজস্থলীত অহা ২৬ ডিচেম্বৰৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ’ব ‘ব্ৰহ্মপুত্ৰ দিচাং মহোৎসৱ ২০২২’।
এই উপলক্ষে ৰাইজৰ উদ্যোগত মঙলবাৰে ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ সংগমস্থল দিচাংমুখৰ বালিচৰত লাইখুঁটা স্থাপন কৰা হয়। সমাজকৰ্মী পোনাৰাম মিলিয়ে পৰম্পৰাগত ৰীতি-নীতি তথা মাংগলিক কাৰ্যৰে লাইখুঁটা স্থাপন কৰে। মহোৎসৱৰ আটাইকেইদিন পৰম্পৰাগত খেল-ধেমালি, সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলি উদ্যোগক্তাসকলে সদৰি কৰিছে।