BTRত UPPL, BJP, GSPৰ চৰকাৰ গঠন হোৱাৰ দ্বিতীয় দিনৰে পৰা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPFএ চৰকাৰ গঠন কৰাৰ সপোন দেখি আহিছে। BPF এ চৰকাৰ গঠনৰ কথাত যিমান গুৰুত্ব দিছে সিমান গুৰুত্ব যদি যোৱা ১৭টা বছৰ শাসনত থকাৰ সময়ছোৱাত কাম কৰাত গুৰুত্ব দিলেহেতেন তেন্তে BTRত কোনো UPPL, BJP তথা GSP চৰকাৰ গঠন কৰিব নোৱাৰিলেহেতেন বুলি মন্তব্য কৰে প্ৰমোদ বড়োৱে।
নিৰ্বাচনত জিকিলে হে চৰকাৰ গঠন কৰিব পাৰি বুলি উল্লেখ কৰাৰ লগতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ খ্যাত সংবাদ মাধ্যমৰ স্বকীয়তা বৰ্তাই ৰাখিবলৈও আহ্বান জনাই প্ৰমোদ বড়োৱে।