দেশৰ সৰ্ববৃহৎ আৰু সুসংগঠিত যুৱ সংগঠন হিচাপে পৰিচিত ৰাষ্ট্রীয় শিক্ষাৰ্থী বাহিনীক (NCC) অসমত শক্তিশালীকৰণত সকলো ধৰণৰ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে। গুৱাহাটীৰ কাষৰীয়া আমিনগাঁওত থকা শৰাইঘাট সৰোবৰত NCCৰ নৌ শাখাৰ কেডেটৰ প্ৰশিক্ষণৰ বাবেও ৰাজ্য চৰকাৰে সকলো ধৰণৰ সহযোগিতা কৰিব বুলি মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
১৩ ডিচেম্বৰৰ সন্ধিয়া NCCৰ উত্তৰ-পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান মেজৰ জেনেৰেল গগন দ্বীপে দিছপুৰৰ অসম সচিবালয়ৰ কাৰ্যালয় কক্ষত কৰা সাক্ষাতৰ সময়ত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ডঃ শৰ্মাই কয় NCCৰ জৰিয়তে যাতে যুৱ শক্তিয়ে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব পাৰে তাৰ ওপৰত তেওঁ গুৰুত্ব প্ৰদান কৰিছে। গতিকে ৰাজ্যত NCCক এটা সুসংগঠিত যুৱ শক্তি হিচাপে গঢ় দিয়াত ৰাজ্য চৰকাৰে সকলো ধৰণৰ কাম কৰিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। সাক্ষাৎকালত NCCৰ নৌ শাখাৰ গুৱাহাটীস্থিত ৪৮ আসাম নেভেল ইউনিটৰ কমাণ্ডিং অফিচাৰ লেফটেনেণ্ট কমাণ্ডাৰ দেবানন্দ দলে উপস্থিত আছিল ।