কামৰূপ মহানগৰ জিলাত বৃহৎসংখ্যক যান-বাহনৰ গৰাকীয়ে যান-বাহনৰ যাৱতীয় কৰ পৰিশোধ নকৰাৰ লগতে বাহনৰ নথিপত্ৰসমূহ নৱীকৰণ নকৰাকৈ থাকি চূড়ান্ত অবৈধ আৰু অসুৰক্ষিতভাৱে ৰাজপথত চলাচল কৰি নিজৰ লগতে আনলৈকো বিপদ মাতি আনিবলৈ ধৰিছে।
এনেক্ষেত্ৰত এই বিষয়টোক অত্যন্ত গুৰুত্বসহকাৰে গ্ৰহণ কৰি ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে বৃহস্পতিবাৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে যান-বাহনৰ যাৱতীয় কৰ-কাটল আদায় দি বাহনৰ নথিপত্ৰসমূহ সকলো সময়তে বৈধ কৰি ৰাখিহে পথত সুৰক্ষিতভাৱে চলাচল কৰাৰ ক্ষেত্ৰত যান-বাহনৰ গৰাকীৰ পূৰ্ণ সহযোগিতা আহ্বান কৰিছে।
সহকাৰী পৰিবহণ আয়ুক্তগৰাকীয়ে কয় যে, বাহন এখন ক্ৰয় কৰোতে পঞ্জীয়নভুক্ত হোৱাৰ পিছত সময়মতে যান-বাহনৰ কৰকাটল পৰিশোধ কৰাটো আমাৰ সকলোৰে নৈতিক দায়িত্ব আৰু কতৰ্ব্য। একেদৰে যাৱতীয় নথিপত্ৰসমূহ নৱীকৰণ কৰি বাহনসমূহ বৈধ কৰি ৰাখিলেহে ৰাজপথত সকলোৰে বাবে সুৰক্ষিত যাতায়ত ব্যৱস্থা বাহাল ৰখা সম্ভৱ। কিয়নো নথি-পত্ৰসমূহ নৱীকৰণ কৰি ৰাখিলেহে বিপদৰ সময়ত বীমা কোম্পানীৰ পৰা বাহনৰ লগতে ব্যক্তিৰ ক্ষয়-ক্ষতিৰ প্ৰাপ্য আশা কৰিব পাৰি৷
সেয়েহে অতিৰিক্ত জৰিমনাৰ সন্মুখীন নোহোৱাকৈ অহা ৩১ ডিচেম্বৰৰ ভিতৰত যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰাৰ লগতে নথিপত্ৰসমূহ নৱীকৰণ অৰ্থাৎ বৈধ কৰি ৰাজপথত সকলোৰে বাবে এক সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তুলিবলৈ নৱবৰ্ষৰ প্ৰাকক্ষণত যান-বাহন ব্যৱহাৰকাৰীৰ প্ৰতি আহ্বান জনোৱা হৈছে। অন্যথা মহানগৰীৰ ৰাজপথত শীঘ্ৰে অভিযানত নামিব বিভাগৰ উচ্চস্তৰীয় বিষয়াৰ অভিযানকাৰী দল।