অসমৰ জাতীয় অনুষ্ঠান স্বৰূপ আৰু ৰাজ্যৰ ৰাজহুৱা পৰিবহণ খণ্ডৰ একমাত্ৰ প্ৰতিষ্ঠান অসম ৰাজ্যিক পৰিবহণ নিগম চমুকৈ ASTCৰ অৱসৰপ্ৰাপ্ত বিষয়া – কৰ্মচাৰী সকলৰ সতীৰ্থৰ প্ৰথম বাৰৰ বাবে এখন মিলন সমাৰোহ বৃহস্পতিবাৰে দিনযোৰাকৈ অনুষ্ঠিত হয়। নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থা আৰু ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাৰ যৌথ উদ্যোগত নিগমৰ পল্টনবজাৰস্থিত মুখ্য কাৰ্যালয়ৰ লগতে থকা বহুমুখী কাৰ পাৰ্কিঙৰ প্ৰথম মহলাত অনুষ্ঠিত পুনৰ মিলন সমাৰোহৰ লগত সংগতি ৰাখি প্ৰায় ২০০ বিষয়া – কৰ্মচাৰীৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাৰ সভাপতি নীলমণি ফুকনে আৰু উদ্দেশ্য বাখ্যা কৰে কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰে।
আনহাতে সভাত ২০০৭ চনত অৱসৰ গ্ৰহণ কৰা নিগমৰ মুখ্য অভিযন্তা পৰেশ দেৱচৌধুৰী, ২০০৫ চনত অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী শ্ৰীকান্ত বৰ্মনকে ধৰি কেবাজনো অৱসৰপ্ৰাপ্ত বিষয়া – কৰ্মচাৰীয়ে তাহানি দিনৰ স্মৃতি ৰোমন্থন কৰি আবেগিক হৈ পৰে। আনকি কেবাজনো বিষয়া – কৰ্মচাৰীয়ে ৰাজ্যৰ জাতীয় অনুষ্ঠান স্বৰূপ এ এছ টি চিৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি নিগমটোক অসমৰ ৰাইজৰ স্বাৰ্থত জীয়াই ৰখাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীক আহ্বান জনায়। শেষত শলাগৰ শৰাই আগবঢ়াই অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক খৰ্গেশ্বৰ দাসে।