নলবাৰীৰ চতমা নৱ-যুৱক সংঘৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি ভোগালী বিহু উপলক্ষে ১৪, ১৫, ১৬ জানুৱাৰীত সংঘৰ সদস্যসকলৰ মাজত ‘অক্সন ব্ৰীজ’ প্ৰতিযোগিতাৰ আয়োজন কৰাৰ লগতে ১৭ জানুৱাৰীত শিল্পী দিৱস অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলোৱা হৈছে।
শিল্পী দিৱস উপলক্ষে প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ঠাইতে অঁকা চিত্রাংকন প্রতিযোগিতা আৰু চতুৰ্থ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ‘জ্যোতিপ্রসাদৰ জীৱন আৰু কৃতি’ বিষয়ক লৈ ঠাইতে লিখা ৰচনা প্ৰতিযোগিতা সংঘৰ প্রাঙ্গনতে অনুষ্ঠিত কৰা হ’ব।
উল্লেখ্য যে, চতমা নৱ-যুৱক সংঘৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ উদ্যোগত আৰু অসম আয়ুৰ্বেদিক প্ৰডাক্টচ, গুৱাহাটীৰ সহযোগত অহা ২০ জানুৱাৰীত বিনামূলীয়া চিকিৎসা শিবিৰৰো আয়োজন কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিৱলৈ দি ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে।