বৰ্তমান নগৰকেন্দ্ৰীক সমাজ ব্যৱস্থাত বহুতৰ ইচ্ছা থাকিলেও মাটিৰ পৰিমাণ কম হোৱা বাবে বহুতে কৃষিকৰ্ম কৰিব নোৱাৰে। কিন্তু নগৰত বাস কৰা আগ্ৰহী লোকে নিজৰ আৰ চি চি ঘৰৰ চাঁদত যাতে বৈজ্ঞানিক পদ্ধতিৰে কৃষি কৰ্ম কৰিব পাৰে তাৰ বাবে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ কৃষি বিজ্ঞান কেন্দ্র কামৰূপৰ ফালৰ পৰা সময়ে সময়ে বিভিন্ন প্ৰশিক্ষণৰ কাৰ্যসূচী গ্ৰহণ কৰি অহা হৈছে। ইয়াৰ অংশ হিচাপে কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপৰ উদ্যোগত ১১আৰু ১২ জানুৱাৰীত গুৱাহাটীৰ কাষৰীয়া ক্ষেত্রীৰ ধুপগুৰি তামহলংৰ জেতবন নাৰ্চাৰীত বৈজ্ঞানিক পদ্ধতিৰে চাঁদত কৰা কৃষি’ বিষয়ক এক প্ৰশিক্ষণ প্ৰদান কৰা হয়।
প্ৰশিক্ষণ কাৰ্যসূচীত ২২ জন আগ্ৰহী যুৱক আৰু মহিলাই ভাগ লয়। আনহাতে কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যান শস্যৰ বিশেষজ্ঞ ডঃ দৰদী প্ৰিয়ম দুৱৰাই আঁত ধৰা দুদিনীয়া প্রশিক্ষণ কাৰ্যসূচীত মাটি নাথাকিলেও ঘৰৰ চাঁদত আধুনিক বৈজ্ঞানিক কৃত্রিম পদ্ধতি অৱলম্বন কৰি কিদৰে শাক পাচলিকে ধৰি বিভিন্ন ধৰণৰ খেতি কৰিব পাৰি তাৰ প্ৰশিক্ষণ দিয়া হয়। তাৰ লগত সংগতি ৰাখি কৃত্রিম মাধ্যম প্রস্তুতিকৰণ, জৈৱিক বীজশোধন, শাক পাচলিৰ প্রতিপালন আদি বিভিন্ন প্রণালীও প্ৰদৰ্শন কৰা হয়। ইয়াৰ উপৰিও নেমুৰ পত্রকলম পদ্ধতিও শিকোৱা হয়।