কানাড়া সাহিত্যৰ নামজ্বলা সাহিত্যিক কে এছ ভগৱানেএক বিতৰ্কিত মন্তব্যৰে খলকনি তুলিছে সমগ্ৰ দেশত। কৰ্ণাটকৰ মাণ্ড্যাত আয়োজিত এক কাৰ্যসূচীত ভাষণ দি তেওঁ বাল্মিকীৰ ৰামায়ণৰ প্ৰসংগ উত্থাপন কৰি প্ৰশ্ন কৰে যে পত্নী সীতাৰ সৈতে ভগৱান ৰামচন্দ্ৰই একেলগে বহি বিয়লি সুৰা পান কৰিছিল। এনে এজন ব্যক্তি কিদৰে আদৰ্শ পুৰুষ হ’ব পাৰে? পত্নীৰ প্ৰতি নূন্যতম সদ্ভাৱ নেদেখুওৱা ৰামচন্দ্ৰই সীতাক বনবাস দিছিল বুলিও সাহিত্যিক ভগৱানে উল্লেখ কৰে।
তেওঁ আনকি কয় যে, গছৰ তলত তপস্যা কৰি থকা শাম্বুকৰ দৰে শূদ্ৰৰ ডিঙি কাটিবলৈ কুন্ঠাবোধ কৰা নাছিল ৰামচন্দ্ৰই। উল্লেখ্য যে, ভগৱান ৰামচন্দ্ৰই ১১ হেজাৰ বছৰ শাসন কৰা বুলি দাবী কৰা হৈছিল যদিও সাহিত্যিক ভগৱানৰ মতে তেওঁ মাত্ৰ ১১ বছৰহে শাসন কৰিছিল ।
আনহাতে, ইয়াৰ পূৰ্বেও ২০১৫ আৰু ২০১৮ বৰ্ষত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ ধৰ্মীয় অনুভূতিত আঘাত হনাৰ বাবে আইন তথা ৰাইজৰ ৰোষৰ বলি হৈছিল সাহিত্যিকগৰাকী। ভাগৱত গীতা পঢ়া লোকসকল পৰৱৰ্তী সময়ত সন্ত্ৰাসবাদী হয় বুলিও বিতৰ্কিত মন্তব্য আগবঢ়াইছিল কে এছ ভগৱানে।