লোকসভা নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যজুৰি অগপ দলে আজি বুথ পৰ্যায়ত সভা অনুষ্ঠিত কৰে। ইয়াৰ অংশ হিচাপে আজি অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত খানামুখস্থিত শ্ৰী শ্ৰীলক্ষ্মী মন্দিৰৰ কমিউনিটি হলত বুথ কমিটি সমূহৰ কৰ্মকর্তা সকলৰ উপস্থিতিত এক বিশাল কর্মী সভা অনুষ্ঠিত হয়। অগপৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক সুভাষ শৰ্মাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ অগপৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক আৰু পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় ২৫ জানুৱাৰীৰ দিনটোত ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়োগে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস হিচাপে পালন কৰি আহিছে। দেশৰ গণতন্ত্র শক্তিশালী কৰাৰ বাবে ভোটাৰসকলেই হৈছে মূল আধাৰ। দলৰ কর্মী – সমৰ্থক সকলে দলটোৰ সাংগঠনিক দিশটো শক্তিশালীকৰণৰ লগতে দেশৰ গণতন্ত্ৰয়ো শক্তিশালী কৰিব লাগিব।
আনহাতে বিধায়ক কলিতাই সমষ্টিটোত চলি থকা উন্নয়নমূলক কাম – কাজৰ এক চমু খতিয়ানৰ লগতে আগন্তক দিনত কি কি কাম কৰা হব তাৰ এক ৰূপৰেখা দাঙি ধৰে আৰু এইক্ষেত্ৰত ৰাইজৰ সহযোগ কামনা কৰে। অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ অগপৰ তিনিজন পাৰিষদ ক্ৰমে – কল্পনা দাস , দীপাংকৰ বৈশ্য আৰু বিজু মেধি, পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰীৰ উপৰি প্ৰভাত চন্দ্ৰ দলৈ, জগন্নাথ ঠাকুৰীয়া, ৰুবুল বৈশ্য, বাহাৰুল ইছলাম, বিপুল কুমাৰ দাস, গীতাঞ্জলি কলিতা, গীতা মণ্ডল ডেকা, বৰষা নাথ কলিতা, ভাৰতী সিং কছাৰীকে ধৰি পশ্চিম গুৱাহাটীৰ পৌৰ এলেকাৰ ১৬ টা ৱাৰ্ড , ৮ খন গাঁও পঞ্চায়ত কমিটিৰ সভাপতি – সম্পাদককে ধৰি দলৰ কেবাজনো নেতা – নেত্ৰী, তিনি শতাধিক কর্মী উপস্থিত থাকে।