নেচনেল ডেস্কঃ
‘জনতা হি জাহান’হে আপ্তবাক্যশাৰী দোহাৰি ভাৰতে ২৪ মাৰ্চ ২০২০ তাৰিখে দেশত প্ৰথমটো ২১ দিনীয়া লকডাউনৰ কথা ঘোষণা কৰিছিল৷ লকডাউনৰ সময়ছোৱাত দেশত স্বাস্থ্য খণ্ড আৰু পৰীক্ষণ আন্তঃগাঁথনিৰ দ্ৰুত উত্থান ঘটিছিল৷ সময়মতে কৰা অনুসৰণ, চিকিৎসা আৰু প্ৰতিবেদন, ক’ৰোনা ভাইৰাছৰ পৰা সময়মতে আৰোগ্য লাভ কৰাৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আজি ভাৰতত মুঠ ৪১% সক্ৰিয় ৰোগী আছে৷
এই কঠোৰ লকডাউন আৰু সামাজিক ব্যৱধানে কিন্তু অৰ্থনীতিত প্ৰতিকূল প্ৰভাৱ পেলাইছে৷ জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিও ভাৰতে আনলক ১ৰ প্ৰথম পৰ্যায়ত প্ৰৱেশ কৰিছে৷ চৰকাৰ আৰু ৰিজাৰ্ভ বেংক অব্ ইণ্ডিয়াই হ্ৰস্বকালীন আৰু দীৰ্ঘকালীন কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যাৰ দ্বাৰা ভাৰতীয় অৰ্থনীতিত বহুলাংশে ক্ষতিৰ পৰিমাণ হ্ৰাস হৈছে৷
ভাৰতীয় অৰ্থনীতিত এতিয়াও কৃষি প্ৰধান ভেটি হিচাপে বিবেচিত হৈ আছে৷ যদিও কৃষি খণ্ডৰ পৰা জিডিপিলৈ অৱদান অন্যান্য উদ্যোগ তথা সেৱাৰ তুলনাত কম হ’লেও ইয়াৰ উত্তৰণে ইতিবাচক দিশ প্ৰদৰ্শিত কৰিছে৷ তাৰোপৰি কৃষিখণ্ডৰ বাবে শেহতীয়াকৈ ঘোষণা কৰা সংস্কাৰমূলক পদক্ষেপে খণ্ডটোৰ মূল্য শৃংখলাত কাৰ্যকৰী ফলাফল প্ৰদৰ্শিত কৰাৰ লগতে কৃষকসকললৈ উন্নত উপাৰ্জনৰো সুবিধা প্ৰদান কৰিছে৷
স্বাৱলম্বী ভাৰতৰ প্ৰথমটো পদক্ষেপ হিচাপে ২ মাহৰ ভিতৰতে ভাৰতে পিপিই কিটৰ বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ নিৰ্মাতা হিচাপে গঢ় লৈ উঠিছে৷ অৰ্থনৈতিক সংস্কাৰৰ বিভিন্ন পদক্ষেপৰ পৰিপ্ৰেক্ষিতত মে’ আৰু জুন মাহত বিদ্যুৎ আৰু ইন্ধনৰ ব্যৱহাৰ, সামগ্ৰীসমূহৰ আন্তঃপৰিবহণ, খুচুৰা বিত্তীয় লেনদেন আদি বৃদ্ধি পোৱা দেখা গৈছে৷
অৰ্থনৈতিক সূচাংকৰ অগ্ৰগতি
কৃষি
- চৰকাৰী সংস্থাসমূহে অভিলেখ সংখ্যক ঘেঁহু ক্ৰয় কৰিছে৷ ২০১২-১৩ৰ ৩৮১.৪৮ লাখ মেট্ৰিকটন ঘেঁহু ক্ৰয়ৰ তুলনাত ১৬ জুন ২০২০ তাৰিখে এই সীমা অতিক্ৰম কৰি ৩৮২ লাখ মেট্ৰিক টনৰ সীমা স্পৰ্শ কৰিছে৷ ঘেঁহুৰ এমএছপি প্ৰদানৰ জৰিয়তে মুঠ ৭৩,৫০০ কোটি টকাৰ দ্বাৰা ৪২ লাখ কৃষক ক’ৰোনাৰ সময়ছোৱাত উপকৃত হৈছে৷
- ১৯ জুন ২০২০ তাৰিখ পৰ্যন্ত কৃষকসকলে ১৩.১৩ মিলিয়ন হেক্টৰ খাৰিফ শস্য চপাইছে যি বিগত বৰ্ষৰ তুলনাত ৩৯ শতাংশ অধিক৷
- ২০২০ বৰ্ষৰ মে’ মাহত প্ৰায় ৯৮ শতাংশ সাৰৰ বিক্ৰী বৃদ্ধি পাইছে৷
নিৰ্মাণ
- এপ্ৰিল ২০২০ৰ তুলনাত মে’ ২০২০ত ই-ৱে’ বিলৰ মূল্যাংকন ১৩০ শতাংশলৈ বৃদ্ধি পাইছে৷ ১ জুনৰ পৰা ১৯ জুনলৈ মুঠ ৭.৭ লাখ কোটি টকাৰ ই-ৱে’ বিল প্ৰস্তুত হৈছে৷
- পেট্ৰ’লিয়াম সামগ্ৰীৰ ক্ষেত্ৰত ব্যৱহাৰ আৰু প্ৰস্তুতিৰ পৰিমাণ এপ্ৰিলত ৪৭ শতাংশ বৃদ্ধিৰে ৯৯,৩৭,০০০ মেট্ৰিকটন হোৱাৰ লগতে মে’ মাহত ইয়াৰ পৰিমাণ ১,৪৬,৪৬,০০০ মেট্ৰিকটনলৈ বৃদ্ধি পাইছে৷
সেৱা খণ্ড
- এপ্ৰিল মাহত ৰে’লৱেৰ মালবাহী গাড়ীৰ জৰিয়তে ৬.৫৪ কোটি টন সামগ্ৰী কঢ়িওৱাৰ তুলনাত মে’ত ৮.২৬ কোটি টন সামগ্ৰী কঢ়িওৱা হৈছে৷
- গড় দৈনিক টোল সংগ্ৰহ এপ্ৰিলত ৮.২৫ কোটি টকাৰ তুলনাত মে’ মাহত এই পৰিমাণ ৩৬.৮৪ কোটি টকালৈ বৃদ্ধি পাইছে৷
- মুঠ ডিজিটেল খুচুৰা বিত্তীয় লেনদেন এনপিচিআই প্লেটফ’ৰ্মৰ জৰিয়তে এপ্ৰিলত ৬.৭১ লাখ কোটি টকা হোৱাৰ বিপৰীতে মে’ত ৯.৬৫ লাখ কোটি টকা হৈছে৷
আৰ্থিক সূচক
- পৰ্যাপ্ত নগদ ধন, ঔদ্যোগিক বণ্ডৰ ব্যক্তিগত প্লেচমেণ্ট নিশ্চিতিৰ দিশত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰয়াস মে’ মাহত ৯৪.১ শতাংশ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে যি এপ্ৰিল মাহত আছিল ২২ শতাংশ৷
- মিউচুৱেল ফাণ্ডৰ গড় এছেট আণ্ডাৰ মেনেজমেণ্ট (এইউএম) এপ্ৰিল ২০২০ত ২৩.৫ লাখ কোটি টকাৰ পৰা বৃদ্ধি হৈ মে’ ২০২০ত ২৪.২ লাখ কোটি টকা হৈছে৷
- ভাৰতৰ বৈদেশিক মুদ্ৰা ১২ জুন ২০২০ তাৰিখ পৰ্যন্ত ৫০৭.৬ বিলিয়ন আমেৰিকান ডলাৰ জমা আছে৷