যোৱা দুদিনমানৰ আগতে লকডাউনৰ গধূলি এটাত এজন দূৰৈৰ বন্ধুৰ পৰা এটা ফোনকল পালো। অনা অসমীয়া মোৰ বন্ধুজন অসমৰ বানপানীৰ চিত্ৰবোৰ সামাজিক মাধ্যমত দেখি যথেষ্ট চিন্তিত হৈ মোক ফোন কৰিছিল আৰু সুধিলে চৰকাৰ আৰু সংগঠনে এই বিষয়ত আজিলৈকে গভীৰভাৱে কিয় কাম কৰা নাই। কথাৰ পাক সলাবলৈ মই বিকাশ ডুবেৰ পাতনি মেলিলো যদিও আকোৰগোঁজ হৈ মোৰ বন্ধুৱে একেটা কথাতে খুটিয়াই থাকিল। কিয় আমাৰ চৰকাৰ আৰু সংগঠনে এই বিষয়টো গুৰুত্ত্ব সহকাৰে লোৱা নাই! অথচ ভাৰতত সামাজিক মাধ্যমৰ প্ৰসাৰৰ দিনৰেপৰা সকলো ভাৰতীয়ই অসমৰ বানপানীৰ উটি যোৱা ছবিবোৰ দেখি আছে, আৰু দেখি দেখি আমনিও পাইছে চাগৈ। মুখ খুলিবলৈ মন নাছিল যদিও মোৰ ভঙা ভঙা হিন্দীৰে আৰম্ভ কৰি দিলো ভাষণ। তাৰ কিছু কিয়দাংশ তলত দিলো।
অসমৰ বানপানী আৰু তাৰ কাৰণ প্ৰাকৃতিক, কিন্তু এই বিষয়টো আৰু প্ৰাকৃতিক হৈ থকা নাই, প্ৰচুৰ ব্যৱসায়িক । বানপানী বুলিলেই এটা সময়ত যেনেকৈ লখিমপুৰ, ধেমাজি বুলি ভাবিছিলো আজিকালি অসমৰ বানপানী বুলি কলে জি এছ ৰোডটোও মনলৈ আহে। এইটো এটা সম্পূৰ্ণ বাস্তৱিক কথা আৰু তাকেই কিছুমানে আজিকালি সামাজিক মাধ্যমত বদনামৰ পোটক তোলে। হাঁহিছিলি নহয়, এতিয়া পাইছ মজা, অনিল নগৰ কি, নবীন নগৰ কি সকলো ডুবি আছে।
প্ৰত্যেক বছৰৰ দৰে বানপানী আহি ঘৰ সোমোৱা লগে লগে আৰম্ভ হৈ গল ডিজিটেল চকুপানী আৰু হাহাকাৰ বিভিন্ন সামাজিক মাধ্যমত। সকলোৱে ডিজিটেলী চকুলো টুকি টুকি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক তিৰস্কাৰ কৰিছে, আমাৰ খবৰবোৰ কিয় তহঁতে প্ৰচাৰ নকৰ, ভাৰত ভূখণ্ডৰ আমিও এক অংশীদাৰ। তহঁতে যেনেকৈ মাত মাতিছিলি কেৰেলা আৰু উৰিষ্যাৰ কাৰণে, আমাৰ কাৰণে কিয় নামাত? ঠিক এনেকুৱা এটা বছেৰেকীয়া মেল(প্ৰতিবাদ?) সদায় মই দেখি আহিছো আৰু সেইবোৰে গৈ দিল্লী মুম্বাইতো গৈ তাৰ মানুহৰ মানৱীয়তা কঁপাই নোযোৱা নহয়। কিন্তু ঠিক গাখীৰতী ধানৰ থোকে ঠন ধৰাৰ লগে লগে এই মেলবোৰ বছৰটোৰ কাৰণে হেৰাই যায়। মই দেখিছো মোৰ বহুত সামাজিক মাধ্যমৰ বন্ধুৱে পাৰ হৈ যোৱা বছৰবোৰৰ বন্যাৰ্তক সহায় কৰা ছবিবোৰ সোঁৱৰণী হিচাপে আকৌ বন্ধুবৰ্গই দেখাকৈ আগবঢ়াই দি আছে। আই ঔ দেহি, কম মানৱ দৰদী নে?
বানপানী শুকাই যোৱাৰ লগে লগে এই মানুহবোৰো হেৰাই যায়। হেৰাই যোৱা বুলি কলে ভুল হব, ইয়াৰে মাজৰ এচামে কাজিৰঙাৰ বেদখলৰ বিৰুদ্ধে মাত মাতিব, কিছুমানে খিলঞ্জীয়াৰ অধিকাৰৰ কাৰণে মাত মাতিব, কিছুমানে বুঢ়া গঁড় কেইটাৰ সুৰক্ষাৰ কাৰণে মাত মাতিব। মানে জাতীয় সত্তাৰ পৰিচয় দি নিজৰ তত্বগধূৰ ভাষণেৰে সামাজিক মাধ্যমত বিয়াগোম ভেম এটা দেখুৱাব, মুঠতে এই বৃত্তাকাৰ প্ৰক্ৰিয়াটো বছৰধৰি চলে আৰু চলি আহিছে। আকৌ বান আহিব আৰু আকৌ প্ৰতিবাদ, চলি থাকিব।
প্ৰতিবাদৰ সম্ভাৱনা থকা আৰু দুটামান কথা মইও উনুকিয়াই দিছোঁ এইবাৰ। বানপানীৰ সাহায্যৰ কাৰণে যিমান প্ৰতিবাদ হয় তাতকৈ বেছি প্ৰতিবাদৰ যুক্তি আছে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক কাবৌ কাকুতি কৰা পৰিৱৰ্তে নিজৰ ভেঁটিত থকা সংবাদ মাধ্যমবোৰে চৰকাৰ আৰু ঠিকাদাৰক সমালোচনা কৰক। এটা এটা ঠিকাৰ মূল্য আৰু তাৰ কামৰ খতিয়ান স্বচ্ছ ভাবে ৰাইজৰ আগত অৱগত কৰক। থলুৱাৰ চিটিকা বহুত দেখিলো, এই সময়ত আধুনিক পদ্ধতিৰে এই সাতামপুৰুষীয়া সমস্যাটোৰ মোকাবিলা কৰা যাওক। থলুৱা ঠিকাদাৰে বিৰোধ কৰিব কিন্তু ৰাইজে জনা উচিত ভঙা মথাউৰীকে বছৰে বছৰে মেৰামতি কৰাতো সেই পাষণ্ডবোৰৰ পাৰিবাৰিক ব্যৱসায় নহয়। বানপানীৰ কাৰণে অৰ্থৰ অভাৱ হোৱা মই দেখা নাই। অভাৱ হৈছে অৰ্থপূৰ্ণ এক প্ৰতিবাদ আৰু প্ৰচাৰৰ। বানপানী ৰাষ্ট্ৰীয় সমস্যা হব নালাগে কিন্তু ইয়াৰ লগত জড়িত প্ৰত্যেক দুৰ্নীতিগ্ৰস্ত প্ৰাণীবোৰক ৰাষ্ট্ৰীয় শত্ৰু হিচাপে ঘোষণা কৰা হওক। দিছপুৰত কোনে কি কৈছে তাত মাথা মৰাতকৈ মথাউৰীত টিঘিল ঘিলাই থকা ঠিকাদাৰৰ অঙহী বঙহী কেইটাৰ ওপৰত চকু ৰাখক। জোকাৰবাৰ্গদেৱৰ কৃপাত অসমত এতিয়া বাতৰি পৰিবেশনকাৰীৰ অভাৱ নাই। দহজন নাহিলেও এজন ওলাই আহিব গোমৰ ফাঁক উলিয়াই দিবলৈ। তাৰ পিছত আমি দিছপুৰক প্ৰশ্ন সুধিম, আন্দোলন কৰিম। আন্দোলন যদি নাজানে কেনেকৈ কৰে শিকাবলৈ বহুত অগ্ৰজে অধীৰ আগ্রহেৰে ৰৈ আছে। স্বাধীনতাৰ পিছত আজিলৈকে অসমত এটা ভাল উদ্যোগ জন্ম নহল কিন্তু সাধাৰণ অসমীয়াই নিবিচৰাকৈ পৃথিৱীৰ ভিতৰতে বানপানীৰ সৰ্ববৃহৎ উদ্যোগটো অসমত জন্ম দিলে। আৰু ই পৰিবেশৰ কাৰণে হানিকাৰক। জহন্নামে যাওক এনে উদ্যোগীকৰণ…
….শেষৰ কথাখিনি কৈ থাকোতে মোৰ পৰিবাৰ বিচনাৰ পৰা উঠি আহিল কি হ’ল চাবলৈ। একো হোৱা যেন নেদেখি তেওঁ ঘূৰি গল। ফোনৰ সিপাৰৰ পৰা বন্ধুজনে মোক সুধিলে- এইচা হো চাকতা হে ক্যা?
ওমীদ হে…। উত্তৰ দি ফোনটো কাটি বিচনাত পৰিলোঁ।
লেখকঃ ডঃ দিহিঙীয়া
(প্ৰাক্তন কৰ্মচাৰী, গ্ৰামীণ বিকাশ মন্ত্ৰালয়, ভাৰত চৰকাৰ, বৰ্ত্তমান সামাজিক উদ্যোগৰ লগত জড়িত)