নিউজ ডেস্কঃ অসম চৰকাৰৰ মহাবাহু ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ প্ৰধান নৈ-উপনৈ সমুহৰ জৰিয়তে ৰাজ্যৰ জল পৰিবহণ ক্ষেত্ৰখন উন্নয়ণৰ বাবে কেতবোৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে। আনকি জল পৰিবহণ ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে এছিয়ান ডেলেভমেণ্ট বেংকৰ (এ.ডি.বি) পৰা অসম চৰকাৰে প্ৰায় ৭০০ কোটি টকাৰ ঋণ লাভ কৰিছে। ৰাজ্যৰ প্ৰধান নৈ হিচাপে পৰিচিত মহাবাহু ব্ৰহ্মপুত্ৰ নদীত যাত্ৰীৰ সৈতে যান-বাহন পাৰাপাৰ কৰিবৰ বাবে অসম চৰকাৰে ভাৰত চৰকাৰৰ ভাৰতীয় আভ্যন্তৰীণ জল পৰিবহণ কৰ্তৃপক্ষ চমুকৈ ‘আই.ডব্লিউ.এ.আই’ ৰ জৰিয়তে কম পানীত চলাচল কৰিব পৰা চাৰিখন ৰ’ ৰ’ জাহাজ অনাৰ ব্যৱস্থা কৰিছে। দেশৰ ৰাজহুৱা খণ্ডৰ জাহাজ নিৰ্মাণকাৰী প্ৰতিষ্ঠান ‘কোচিন শ্বিপ ইয়াৰ্ড’ত নিৰ্মাণ কৰা ৰ’ ৰ’ জাহাজ কেইখন খৰালী কালত শুকাই যোৱা ব্ৰহ্মপুত্ৰৰ পানী কম হোৱা পৰিস্থিতিৰ লক্ষ্য ৰাখি এক মিটাৰ পানীৰ গভীৰতা থাকিলেও চলাচল কৰিব পাৰিব এই জাহাজকেইখন। পূৰ্বৰ তিনিখন ৰ’ ৰ’ জাহাজ চলাচল কৰিবৰ বাবে দুই মিটাৰ আৰু পানীৰ গভীৰতা থাকিব লাগিছিল। তাৰবাবে খৰালীৰ সময়ছোৱাত ব্ৰহ্মপুত্ৰৰ পানী কমিলে জাহাজ কেইখন অচল হৈ পৰিছিল। সম্প্ৰতি পূৰ্বৰ ৰ’ ৰ’ জাহাজ কেইখন আই ডব্লিউ আয়ে উভতাই নিয়াৰ ব্যৱস্থা কৰিছে। ইফালে পশ্চিমবংগৰ হেমনগৰৰ পৰা হুগলি নদীৰে নতুন চাৰিখন ৰ’ ৰ’ জাহাজ যোৱা ২৮ জুলাইত অসম অভিমুখে যাত্ৰা আৰম্ভ কৰিছে। বাংলাদেশৰ মাজেৰে ব্ৰহ্মপুত্ৰৰে উজাই আহিব লগীয়া চাৰিখন ৰ’ ৰ’ জাহাজ চলিত আগষ্ট মাহৰ চতুৰ্থ সপ্তাহৰ ভিতৰত গুৱাহাটী আহি পাব বুলি আভ্যন্তৰীণ জল পৰিবহনৰ কৰ্তৃপক্ষৰ সুত্ৰৰ পৰা প্ৰকাশ। জাহাজ কেইখন একেলগে ২০০ জন যাত্ৰীৰ লগতে ২ খন ডাঙৰ ট্ৰাক আৰু চাৰিখন লঘু বাহন কঢ়িয়াব পৰা যাব। কৰ্তৃপক্ষৰ সুত্ৰই সদৰি কৰা অনুসৰি অহা বছৰৰ আগভাগত ২০ খন বিভিন্ন মডেলৰ যাত্ৰীবাহী ফেৰী আৰু ৯ খন উদ্ধাৰকাৰী জাহাজ ব্যৱস্থা কৰা হৈছে। সম্প্ৰতি আটাইকেইখন জাহাজ নিৰ্মাণৰত অৱস্থাত আছে বুলি জানিবপৰা গৈছে। ২০ খন ফেৰীৰ ভিতৰত ১০ খনত এবাৰত ৫০ জন যাত্ৰীসহ ২৫ খন দুচকীয়া বাহন আৰু ১০ খনত এবাৰত ৫০ জন যাত্ৰীসহ ২৫ খন দুচকীয়া বাহন কঢ়িয়াব পাৰিব।
চিত্ৰৰ উৎসঃ ইণ্টাৰনেট