হেডলাইন৮ বিশেষঃ অসমত ছাত্ৰ ৰাজনীতিয়ে সদায়েই এক গুৰুত্ব লাভ কৰি আহিছে৷ স্বাধীনতাৰ পূৰ্বৰে পৰা অসম আৰু বেংগলত পঢ়ি থকা অসমীয়া ছাত্ৰসকলে স্বতন্ত্ৰতাৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল৷
বিদেশী খেদা আন্দোলনৰ সময়ত ছাত্ৰ-ৰাজনীতিৰ প্ৰভূত উত্থানত অসমৰ আৰ্থ-সামাজিক দিশৰ সমীকৰণৰ ভালেখিনি পৰিৱৰ্তন হৈছিল৷ বিশ্ববিদ্যালয়, মহাবিদ্যালয়, বিদ্যালয়সমূহৰ ছাত্ৰ আন্দোলনে সেই সময়ৰ নতুন দিল্লীত থকা চৰকাৰক ১৯৮৫ৰ অসম চুক্তিত স্বাক্ষৰ কৰিবলৈ বাধ্য কৰি তুলিছিল৷
অসম আন্দোলন আৰু অসম চুক্তিৰ ফলস্বৰূপে জন্ম হৈছিল ‘অসম গণ পৰিষদ’ দলৰ যি ১৯৮৫ চনত অসমত বহুমতৰ সৈতে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল৷ এই নিৰ্বাচনত অসমে লাভ কৰিছিল দুজন ত্ৰিশ বছৰীয়া তৰুণ যি দিছপুৰত শীৰ্ষ পদবী দখল কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰে এজন হ’ল প্ৰফুল্ল মহন্ত যি কেৱল ৩৩ বছৰ বয়সতে অসমৰ মুখ্যমন্ত্ৰী পদত আসীন হৈছিল আৰু আনজন হ’ল দেশৰ সবাতোকৈ তৰুণ গৃহমন্ত্ৰী স্বৰ্গীয় ভৃগু ফুকন যি কেৱল ২৯ বছৰ বয়সতে ৰাজনীতিৰ পথাৰত নামি পৰিছিল৷
সেই সময়ত বহু ৰাজনৈতিক বিশেষজ্ঞই অসমৰ আঞ্চলিক ৰাজনীতিক তামিলনাডুৰ ৰাজনীতিৰ সৈতে তুলনা কৰিছিল৷ অগপৰ জন্মই অঞ্চলটোৰ দীৰ্ঘদিনীয়া দাবীসমূহ সমাধান কৰিব পাৰিব বুলি অসমৰ জনসাধাৰণৰ মনত এক আশাৰ উদ্ৰেক হৈছিল৷
কিন্তু দলটোৰ মাজত সৃষ্টি হোৱা অন্তঃকন্দলৰ পৰিণতিত জনসাধাৰণৰ সেই আশা মষিমূৰ হ’ল আৰু ১৯৯১ চনৰ বিধানসভাৰ নিৰ্বাচনত দলটোৱে বেয়াকৈ মুখ থেকেচা খালে৷
মহন্ত নেতৃত্বাধীন চৰকাৰখনৰ বিভিন্ন ব্যৰ্থতাৰ লগতে দলটো আৰু চৰকাৰখনে অসমত ‘গুপ্ত হত্যা’ৰ আৰম্ভণি কৰিলে বুলিও সমালোচিত হ’ল৷
বোধহয় এয়া অসমৰ ৰাজনীতিৰ ইতিহাসত সবাতোকৈ অন্ধকাৰময় সময় আছিল৷ উগ্ৰপন্থী দল আলফা সদস্যসকলৰ সম্পৰ্কীয়, বন্ধু-বান্ধৱ, এইসকলোবোৰ কোনো অজ্ঞাত হত্যাকাৰীৰ দ্বাৰা এজন এজনকৈ নোহোৱা হ’বলৈ ধৰিছে৷
ৰাজ্যখনৰ পৰা সেই অন্ধকাৰ ইতিহাসৰ ধূলি মচ নৌখাওতেই ৩৫ বছৰৰ পিছত অগপই পুনৰ অসমত নতুন ৰূপত উদ্ভাসিত হৈছে৷
ভাৰতীয় জনতা দলে প্ৰণয়ন কৰা নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ক প্ৰতিহত কৰাৰ উদ্দেশ্যে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ২০২১ চনত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক নতুন আঞ্চলিক দলৰ জন্ম দিয়াৰ পথত অগ্ৰসৰ হৈছে৷
‘অসম প্ৰথম-সদায় আৰু চিৰদিন’ মূলমন্ত্ৰৰে এই দুয়োটা সংস্থাৰ যুটীয়া প্ৰয়াসত গঠন হ’বলগীয়া দলটোৱে আগন্তুক অসম নিৰ্বাচনত অসমৰ জনসাধাৰণৰ প্ৰত্যাশা পূৰণ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে৷
অহা সাত মাহৰ ভিতৰতে এই নিৰ্বাচন অনুষ্ঠিত হ’ব৷ তাৰোপৰি বিজেপি, কংগ্ৰেছ, এআইইউডিএফকে ধৰি অন্যান্য ৰাজনৈতিক দলসমূহে ইতিমধ্যেই কঁকালত টঙালি বান্ধি নিৰ্বাচনৰ বাবে সাজু হৈছে৷
আছু-এজেৱাইচিপিয়ে তেওঁলোকৰ দল গঠনৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ মুহূৰ্ততে এগৰাকী ৰাজনৈতিক বিশ্লেষকে সাত মাহ বা আঠ মাহৰ ভিতৰত যিকোনো এটা দলৰ বাবে পৰৱৰ্তী নিৰ্বাচনৰ ক্ষেত্ৰত পৰিকল্পনা-ৰণনীতি প্ৰস্তুত কৰাটো কঠিন কাম বুলি মন্তব্য কৰিছে৷
বিজেপিয়ে ইতিমধ্যেই প্ৰাক্-নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিছে আৰু কংগ্ৰেছ এআইইউডিএফৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনৰ বৈতৰণী পাৰ হোৱাৰ অভিলাস কৰিছে৷
এই সন্দৰ্ভত নিৰ্বাচন বিশ্লেষক প্ৰদীপে এইদৰে কয়, ‘‘প্ৰাক্-নিৰ্বাচনী কৌশলত সময়ৰ প্ৰয়োজন হয়৷ টিকেট বিতৰণৰ উপৰিও নিৰ্বাচনী ব্যয়, জন সংযোগ, স্থানীয় কাৰ্যালয়ৰ স্থাপন আদিকে ধৰি বিভিন্ন ধৰণৰ অধ্যয়নৰ প্ৰয়োজন হয়৷’’
‘‘কিছু আছু আৰু এজেৱাইচিপিৰ আগন্তুক নিৰ্বাচনৰ বাবে বহু কাম কৰিবলগীয়া আছে৷ জনসাধাৰণৰ কাষ চাপিবলৈ তেওঁলোকে বহু পৰিশ্ৰম কৰিব লাগিহ কিয়নো বিজেপিয়ে কা আন্দোলনৰ সময়ত লুপ্ত হোৱা সন্মান ইতিমধ্যেই উদ্ধাৰ কৰিছে’’, তেওঁ এইদৰে কয়৷
বিশ্লেষকগৰাকীয়ে কয় যে যদি ক’ভিড-১৯ মহামাৰীৰ উদ্ভৱ নহ’লহেঁতেন তেন্তে কা বিৰোধী আবেগেৰে আঞ্চলিক দলসমূহে অগ্ৰগতি লাভ কৰিলেহেঁতেন কিন্তু এই মহামাৰীয়ে বিজেপিৰ হৃত গৌৰৱ পুনৰুদ্ধাৰ কৰিলে৷
‘‘হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই দলটোৰ এক নিকা ভাবমূৰ্তি স্থাপন কৰিছে৷ বিজেপিৰ প্ৰতি জনসাধাৰণৰ সমৰ্থন যেন ঘূৰি আহিছে৷ জনসাধাৰণে কা বিৰোধী আন্দোলনৰ কথা পাহৰি গৈছে’’, তেওঁ এইদৰে কয়৷
বহুতে ইয়াৰ কাৰণ হিচাপে মহামাৰীৰ সময়ত অসমৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘ভাল কাম’সমূহক ক’ব বিচাৰে৷
আছু আৰু এজেৱাইচিপি নেতৃত্বাধীন এই ৰাজনৈতিক দলটোৱে বিজয়ৰ মুখ দেখিবলৈ হয়তো দীৰ্ঘদিন অপেক্ষা কৰিবলগীয়া হ’ব পাৰে কিয়নো বৰ্তমান বতাহ গেৰুৱা দলটোৰ সপক্ষে বৈ আছে৷
যদি আমি এইদৰে ভাবো যে অসম আন্দোলনৰ ফলত যদি অগপৰ দৰে আঞ্চলিক দলৰ উত্থান হ’ব পাৰে তেন্তে কা বিৰোধী আন্দোলনেও হয়তো নতুন আঞ্চলিক দল এটাক উপকৃত কৰিব পাৰে৷ কিন্তু সময় এতিয়া পৰিৱৰ্তন হৈছে আৰু অসমৰ জনসাধাৰণেও ৰাষ্ট্ৰীয় সংবদ্ধতাৰ ভিত্তিত আগন্তুক ভৱিষ্যতৰ দিশলৈ লক্ষ্য কৰিছে, তেওঁলোকে ক্ষুদ্ৰ আঞ্চলিকতাবাদত হয়তো সেই ভৱিষ্যৎ প্ৰত্যক্ষ কৰিব পৰা নাই৷
গতিকে, এয়া সময়হে ক’ব যে ২০২১ৰ নিৰ্বাচনত আছু-এজেৱাইচিপি নেতৃত্বধীন দলটোৱে অসমৰ জনসাধাৰণৰ মন আৰু মগজু স্পৰ্শ কৰিবলৈ সমৰ্থ হয় নে নহয়? অপেক্ষা মাথো ২০২১ৰ নিৰ্বাচনলৈ৷