২ অক্টোবৰ মহামানৱ মহাত্মা গান্ধীৰ জন্মদিনটো ভাৰতবাসীৰ লগতে সমগ্ৰ বিশ্ববাসীৰ বাবে সদায়েই প্ৰাসংগিক৷ ২ অক্টোবৰৰ দিনটো স্বাধীন ভাৰতৰ দ্বিতীয়জন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰো জন্মদিন৷ কিন্তু ভাৰতবৰ্ষৰ জাতীয় জীৱনৰ পৰা আজিৰ তাৰিখত শাস্ত্ৰীজীৰ জন্মদিনৰ প্ৰাসংগিকতাৰ ছবিখন প্ৰায় ধূসৰ হৈ পৰাৰ উপক্ৰম হৈছে৷ আজিৰ প্ৰজন্মক যদি সোধা হয় গান্ধীজী, নেহৰুজীৰ বিষয়ে- তেওঁলোকে নিশ্চয়ে ক’ব পাৰিব দুয়োৰে বিষয়ে৷ কিন্তু শাস্ত্ৰীজীৰ বিষয়ে যদি সোধা হয় হয়তো দুই-এজনেহে চমুকৈ দুআষাৰ ক’ব পাৰিব৷ তেওঁলোকৰ শিক্ষা জীৱনত তেওঁলোকে গমেই নাপালে যে জাতিভেদ প্ৰথাৰ ঘোৰ বিৰোধী শাস্ত্ৰীজীয়ে মাথোন বাৰ বছৰ বয়সতে নিজৰ উপৰি পুৰুষৰ পৰা জন্মসূত্ৰে আহৰণ কৰা শ্ৰীবাস্তৱ উপাধিটো পৰিহাৰ কৰি নাম লৈছিল লাল বাহাদুৰ শাস্ত্ৰী৷ তেওঁলোকে গমেই নাপালে যে মহাত্মা গান্ধীৰ অহিংস নীতি আৰু ‘কঠোৰ পৰিশ্ৰম প্ৰাৰ্থনাৰ সমকক্ষ’’ বাক্যশাৰীত গভীৰ বিশ্বাসী শাস্ত্ৰীজীয়েই ভাৰতবৰ্ষত দুগ্ধ বিপ্লৱৰ সূচনা কৰিছিল৷ তেওঁলোকে গমেই নাপালে যে ‘‘জয় জোৱান জয় কিষাণ’’ ধ্বনিৰে শাস্ত্ৰীজীয়ে কৃষক বিপ্লৱৰ জৰিয়তে এখন নতুন ভাৰত নিৰ্মাণৰ পৰিকল্পনা কৰাৰ কথা- হয়তো আৰু বহু কথা৷ শাস্ত্ৰীজীয়ে সপোন দেখিছিল বিশ্বৰ দুই মহাশক্তিধৰ দেশ আমেৰিকা আৰু পূৰ্বৰ ছোভিয়েট ৰাছিয়াৰ বহতীয়া নোহোৱাকৈ আমাৰ ভাৰতবৰ্ষক এখন সম্পূৰ্ণ স্বাধীন গণতান্ত্ৰিক দেশ হিচাপে সমগ্ৰ বিশ্বৰ আগত প্ৰতিষ্ঠা কৰাক এক আত্মনিৰ্ভৰশীল ভাৰতবৰ্ষৰ৷ তেওঁ সপোন দেখিছিল এক আণৱিক শক্তিসম্পন্ন ভাৰতবৰ্ষৰ৷ কাৰণ শাস্ত্ৰীজীয়ে বিশ্বাস কৰিছিল ‘‘হাথিয়াৰোকা জবাব হাথিয়াৰো চে’’ নীতিত৷ সেয়েহে আণৱিক শক্তি সম্পৰ্কীয় সকলো পৰীক্ষণ-নিৰীক্ষণৰ দায়িত্ব দিছিল নিউক্লীয়েৰ ফিজিচিষ্ট পদ্মভূষণ হোমি জাহাংগীৰ ভাবাক৷ কিন্তু দুখৰ বিষয় এয়ে যে ১৯৬৫ চনৰ ভাৰত পাকিস্তান যুদ্ধৰ পৰিসমাপ্তি ঘটাই তাছখণ্ডত দক্ষিণ এছিয়া শান্তি সন্মিলনত ‘শান্তি চুক্তি’ত ১৯৬৬ চনৰ ১০ জানুৱাৰীত চহী কৰাৰ নিশাই মাজৰাতি অৰ্থাৎ ১১ জানুৱাৰীত হঠাতে শাস্ত্ৰীজীয়ে ৰহস্যজনকভাৱে ইহলীলা সম্বৰণ কৰে৷ শাস্ত্ৰীজীৰ মৃত্যুক ভাৰতবৰ্ষৰ একমাত্ৰ ভূপেনদাই গীতেৰে গভীৰ বেদনাৰে ধৰি ৰাখিছিল এনেদৰে-
‘‘নাই নাই নাই হেনো আমাৰ আপোন শাস্ত্ৰী
তাছখণ্ডতে হ’ল শান্তি পথ যাত্ৰী…..৷’’
পত্নী ললিতা শাস্ত্ৰীয়ে শাস্ত্ৰীজীৰ খাদ্যত বিহ দিয়া বুলি অভিযোগ কৰিছিল৷ শাস্ত্ৰীজীৰ মৃত্যু ৰহস্যজনক বুলি অভিযোগ কৰাসকলৰ কিছু যুক্তি আছিল এনেধৰণৰ-
১) শাস্ত্ৰীজীৰ ব্যক্তিগত ৰান্ধনি ৰামনাথে সেইদিনা শাস্ত্ৰীজীৰ আহাৰ প্ৰস্তুত কৰা নাছিল৷
২) শাস্ত্ৰীজীৰ মৃতদেহৰ বৰণ ক’লা হৈ পৰিছিল আৰু মুখ মণ্ডলত বগা ৰঙৰ বহুতো চিহ্ন আছিল৷
৩) শাস্ত্ৰীজীৰ একান্ত ব্যক্তিগত ৰঙা ডায়েৰীখন বিচাৰি পোৱা নগ’ল৷
৪) শাস্ত্ৰীজীৰ মৃতদেহৰ পোষ্টম’ৰ্টেম কৰা নহ’ল, যদিওবা শৰীৰত ক্ষত চিহ্নৰ দাগ আছিল৷
৫) শাস্ত্ৰীজীৰ মৃত্যুৰ দুখন পৃথক প্ৰমাণপত্ৰ, এখন ভাৰত চৰকাৰৰ বাবে, আনখন ৰাছিয়া চৰকাৰৰ বাবে, ইত্যাদি৷
আশ্বৰ্যজনকভাৱে শাস্ত্ৰীজীৰ মৃত্যুৰ তেৰ দিনৰ পিছতেই অৰ্থাৎ ২৪ জানুৱাৰীত ১৯৬৬ চনত এয়াৰ ইণ্ডিয়াৰ এখন বিমানত জেনেভালৈ গৈ থকা অৱস্থাত হোমি জাহাংগীৰ ভাবাৰ বিমানখন হঠাতে আকাশমাৰ্গত বিস্ফোৰণ হৈ অকাল মৃত্যু ঘটে৷ ভাৰতবৰ্ষৰ আণৱিক আঁছনিৰ নেতৃত্ব দিয়া জাহাংগীৰ ভাবাৰ মৃত্যুও এক সুপৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উঠিছিল৷ শাস্ত্ৰীজীৰ মৃত্যুৰ কিছুদিন পিছতে ব্যক্তিগত চিকিৎসক ডাঃ আৰ এন ছোগ আৰু ৰান্ধনি ৰামনাথৰো গাড়ী দূৰ্ঘটনাত মৃত্যু হৈ বেলেগে বেলেগে মৃত্যুবৰণ কৰে৷ শাস্ত্ৰীজীৰ ৰহস্যজনক মৃত্যুৰ সময়ত তেওঁলোক দুয়োজন তাছখণ্ডত শাস্ত্ৰীজীৰ লগতে আছিল৷
যি কি নহওক, শাস্ত্ৰীজীৰ মৃত্যু ৰহস্য আজি পৰ্যন্ত ৰহস্য হৈয়েই থাকি গ’ল৷ তেখেতৰ মৃত্যুৰ পিছত সম্ভাৱ্য প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী মোৰাৰজী দেশাইক পৰাজিত কৰি সেইসময়ৰ তথ্য আৰু প্ৰচাৰ মন্ত্ৰী ইন্দিৰা গান্ধী ভাৰতবৰ্ষৰ তৃতীয়গৰাকী পূৰ্ণকালীন তথা প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰে৷
১৯০৪ চনৰ ২ অক্টোবৰত মোগলচৰাইত জন্ম গ্ৰহণ কৰা একেবাৰেই সাধাৰণ পৰিয়ালৰ লাল বাহাদুৰ শাস্ত্ৰীৰ ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈ মাত্ৰ দুটা বছৰৰ চমু প্ৰধানমন্ত্ৰীৰ কাৰ্যকালে এক নতুন দিগন্তৰ সূচনা কৰিছিল স্বাধীনোত্তৰ ভাৰতবৰ্ষত৷ মৰণোত্তৰভাৱে ভাৰতৰত্ন উপাধিৰে শাস্ত্ৰীজীক বিভূষিত কৰিলেও পৰৱৰ্তী সময়ত ভাৰতবৰ্ষত যিমানবোৰ প্ৰকল্প, আঁচনি ৰূপায়ণ কৰা হ’ল বিভিন্নজনৰ নামত, তাৰে এক শতাংশমানো যদি লাল বাহাদুৰ শাস্ত্ৰীৰ নামত নামাকৰণ কৰিলেহেঁতেন অন্তঃ আজিৰ প্ৰজন্মই তেওঁক ন-কৈ জনাৰ সুবিধা লাভ কৰিলেহেঁতেন আৰু ভাৰতবৰ্ষৰ জন-জীৱনৰ কোঁহে কোঁহে লাল বাহাদুৰ শাস্ত্ৰীৰ স্মৃতি সজীৱ হৈ থাকিলহেঁতেন৷ ভূপেনদাই শাস্ত্ৰীজীৰ বিষয়ে গীতটোত কৈছিল-
‘‘বিশ্ব সমাজ, নাট ঘৰতে চমু নাট মেলিলে
তিনি দৃশ্যৰে একাংকিকা ৰচিলে
প্ৰথম দৃশ্যত তেওঁ সৰলতা সানিলে
দ্বিতীয় দৃশ্যতে তেওঁ ৰুদ্ৰ ৰস ঢালিলে৷
তৃতীয় দৃশ্যতে নাশে ঘোৰ ৰণ-ৰাত্ৰি
তাছখণ্ডতে হ’ল শান্তি পথ-যাত্ৰী
ওমৰৰ দেশতে হ’ল শান্তি-পথ যাত্ৰী
দূৰণিত দেশতে হ’ল শান্তি পথ যাত্ৰী৷’’
মহাত্মা গান্ধীৰ লগতে আজি শাস্ত্ৰীজীকো তেওঁৰ জন্ম দিনত একাজঁলি শ্ৰদ্ধা নিবেদন কৰিলো৷
লেখক পৰিচিতিঃ
শ্ৰী কমল কটকীয়ে বৰ্তমানে চান্দমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত চিভিল অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে৷ জীৱনৰ বহু সময় তেওঁ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সৈতে তেওঁৰ গীতত বাদ্য সংগত কৰি বিভিন্ন স্থান পৰিভ্ৰমণ কৰিছে৷ Bhupenda: Bard of the Brahmaputra শীৰ্ষক গ্ৰন্থখনৰো তেওঁ সহ-লিখক৷