আমি সকলোৱে জানো পদিনা আমাৰ বাবে বহুত উপকাৰী ৷ ই চুলিৰ লগতে আমাৰ ছালৰ বাবেও উপৰিকাৰী ৷ আমি সকলোৱে কম বেছি পৰিমানে পদিনাৰ ৰস খাওঁ ৷ গৰম দিনত পদিনাৰ ৰসে আমাৰ দেহৰ দূগোন্ধ দূৰ কৰাৰ লগতে আমাক শীতল কৰি ৰাখে ৷ পদিনাৰ ৰস আপুনি সদায় সেৱন কৰিলে আপোনাৰ পেট চাফা কৰাৰ লগতে আপোনাৰ ছাল খনকো অধিক আকৰ্ষনীয় হৈ পৰিব ৷ ইয়াৰ বাবে আপোনাক লাগিব পদিনাৰ লগতে নিমু টেঙা আৰু মৌ ৷
পদিনা, নেমু আৰু মৌ আমাৰ সকলোৰে ঘৰত উপলব্ধ ৷ দৰাচলতে এইবোৰ সামগ্ৰী যিহেতু পাকঘৰৰ হয় , সেয়ে আমাৰ ঘৰত ই সহজলভ্য ৷ এতিয়া আপোনাক জনাব বিচাৰিছো আপুনি কেনেকৈ প্ৰস্তুত কৰি তুলিব পদিনাৰ ৰস —
আপুনি ৫০০ মিলি লিটাৰ পানী উতোলাই লওঁক ৷
উতোলোৱা গৰম পানী খিনিত ৩০ পৰা ৫০ টা পদিনাৰ পাত ভাল দৰে ধুই তিয়াই ভালদৰে ঢাকনি দি থওঁক ৷ এইটো কাম আপুনি সদায় ৰাতি কৰিব ৷ এতিয়া আপুনি গোটেই ৰাতি গৰম পানীত তিয়াই ৰখা পদিনাৰ পানীখিনি লৈ লক্ষ্য কৰক —
আপুনি দেখিবলৈ পাব পদিনা তিয়াই ৰখা পানী খিনি পাতল সেউজীয়া ৰঙৰ হৈ পৰিছে ৷ পদিনাৰ পাত কেইপাত পেলাই লওঁক ৷ পদিনা ৰসযুক্ত পানী খিনিত সমানে দুভাগ কৰি তাৰ এভাগত দুচামুচ মৌৰ লগতে নিমু এটাৰ তিনিভাগৰ এভাগ চেপি তাৰ ৰসটো তাত মিহলাই ল’ব ৷ তাৰপিছত সেৱন কৰিব ৷
এনেকৈ দিনত দূবাৰকৈ পিয়ক ৷ আপোনাৰ সুবিধা অনুযায়ী সময়ৰ তালিকা এখন বনাই লওঁক — ৰাতিপূৱা আৰু সন্ধিয়া ৷ ৰাতিপূৱা আপুনি একো নোখোৱাৰ আগত পিয়ক ৷ আৰু সন্ধিয়া আপুনি সন্ধিয়াৰ চাহকাপৰ সলনি ইয়াক লওঁক ৷ প্ৰায় এসপ্তাহ এই ৰস সেৱন কৰিলেই আপোনাৰ ছালত কিছু পৰিবৰ্তন দেখিবলৈ পাব ৷ এনেকৈ এক মাহৰ পৰা তিনিমাহ লৈ এই পদিনা ৰস ললে আপোনাৰ দেহৰ লগতে ছালৰ উজ্জ্বলতা আহিব ৷