- বিমান টিকটৰ বাবে হাহাকাৰ।
- বিমানযাত্রীৰ টিকটৰ বাবে হাহাকাৰ অসম পৰ্যটন বিভাগৰ কাৰ্যালয়ত।
- গুৱাহাটীৰ পৰা শিলচৰ যাত্রাৰ টিকট বিচাৰি যাত্রীৰ ভিৰ।
- পল্টন বজাৰস্থিত অসম পৰ্যটন বিভাগৰ কাৰ্যালয়ত ভিৰ কৰিছে যাত্রীয়ে।
- পুৱাৰে পৰা টিকটৰ বাবে দীঘলীয়া শাৰী।
- পৰ্যটন বিভাগৰ কোনো লোকে ব্লেকত টিকট বিক্রী কৰাৰ অভিযোগ যাত্রীৰ।
- তিনিদিন ধৰি কাৰ্যালয়লৈ আহিও টিকট নোপোৱাৰ অভিযোগ যাত্রীৰ।
- বান পৰিস্থিতিৰ বাবে গুৱাহাটী শিলচৰৰ টিকটৰ মূল্য ৪ হাজাৰ নিৰ্ধাৰণ কৰিছিল চৰকাৰে।