কোকৰাঝাৰত পুনৰ এনকাউণ্টাৰৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে কোকৰাঝাৰ আৰক্ষীৰ গুলীত আহত মোহনলাল নামৰ এজন ড্ৰাগছ বেপাৰী। মোহনলালৰ (৩৫) ঘৰ ৰাজস্থানত। গুৱাহাটীৰ পৰা RJ14-GT 9213 নম্বৰৰ ট্ৰাকৰ ডিজেল টেংকীত লুকুৱাই ড্ৰাগছ কঢ়িয়াইছিল ৰাজস্থানলৈ।
প্ৰায় ৮৫ কেজি অপিয়াম আৰু ৩ কেজি ১০০ গ্ৰাম হিৰোইন জব্দ কৰা হয় ট্ৰাকখনৰ পৰা। শ্ৰীৰামপুৰৰ শিমলটাপুৰ পেট্ৰল পাম্পৰ সন্মুখত আটক মোহনলালক আৰু আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন। সোধপোছৰ অন্তত গোসাঁইগাঁৱত এজন সতীৰ্থ থকাৰ কথা স্বীকাৰ কৰিছে মোহনলালে।
আৰক্ষীয়ে নিশা প্ৰায় ১২:৩০ বজা মানত মোহনলালৰ সতীৰ্থক বিচাৰি মোহনলালে দেখুৱাই দিয়া মতে দলগাঁওলৈ যায় আৰক্ষী। হঠাত মোহনলালে উপ পৰিদৰ্শক ব্ৰীজেশ কুমাৰৰ পিষ্টল কাঢ়ি আৰক্ষীলৈ লক্ষ্য কৰি দুজাঁই গুলী কৰি পলায়ন কৰিবলৈ চেষ্টা কৰাত আৰক্ষীয়েও মোহনলালক লক্ষ্য কৰি গুলীচালনা কৰে। আৰক্ষীৰ গুলীয়ে মোহনলালৰ ভৰিত আঘাত কৰে। গুলীবিদ্ধ মোহনলালক আৰক্ষীয়ে কোকৰাঝাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়। আনহাতে অচিনাক্ত দুৰ্ষ্কৃতিকাৰীয়ে প্ৰমান নষ্ট কৰাৰ বাবে জব্দকৃত ট্ৰাকখন জ্বলাই দিয়াত সম্পূৰ্ণৰূপে ভষ্মীভূত হয় ট্ৰাকখন।