মহানগৰীৰ ভগদত্তপুৰ আৰক্ষী চকীৰ বৃহৎ সফলতা। ১০ লাখ টকাৰ চুৰি মোবাইল উদ্ধাৰ কৰিলে আৰক্ষীয়ে। ৰামদিয়াৰ গাঁওবুঢ়া পাম চৰ, মুকালমুৱাৰ ভাঙনমাৰী চৰ আৰু শিয়ালমাৰী চৰত অভিযান চলাই জব্দ কৰে ৭৯টা এনড্ৰইড মোবাইল। আৰক্ষীয়ে এগৰাকী মহিলাসহ তিনি চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
মহিলাগৰাকীৰ নেতৃত্বতে মোবাইল ফোন চুৰি কৰি নি বিক্ৰী কৰাৰ পৰিকল্পনা চলিছিল বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, ১১ এপ্ৰিলৰ নিশা কাহিলীপাৰাৰ জনকপুৰৰ গুম্বী ছফ্টৱেৰ প্ৰাইভেড লিমিটেডৰ পৰা চুৰি কৰিছিল ১২১টা মোবাইল ফোন। চুৰি কৰা আটাইকেইটা মোবাইল ফোন Nokia C01 PLUS মোবাইল।

উদ্ধাৰ কৰা মোবাইল ফোনসমূহৰ বজাৰ মুল্য ১০ লাখতকৈ অধিক হ’ব। ১২১টা মোবাইল ফোনৰ ৭৯টা উদ্ধাৰ হৈছে যদিও বাকী থকা ৪২টা মোবাইল বিচাৰি অনুসন্ধান অব্যাহত ৰাখিছে ভগদত্তপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মাইনা দাসে। চুৰি কাৰ্যত ব্যবহৃত চাৰিচকীয়া বাহনখন বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। ভগদত্তপুৰ আৰক্ষী চকীত ৰুজু হোৱা গোচৰ নম্বৰ হৈছে 880/22।