• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

৯০খন বাহন জব্দঃ কৰফাঁকি দিয়াসকললৈ চূড়ান্ত সকীয়নি

নিউজ ডেস্ক by নিউজ ডেস্ক
March 22, 2022
in সংবাদ, গুৱাহাটী
1 min read
0
৯০খন বাহন জব্দঃ কৰফাঁকি দিয়াসকললৈ চূড়ান্ত সকীয়নি
Share on FacebookShare on Twitter

মহানগৰ গুৱাহাটীত যান-বাহনৰ চূড়ান্ত কৰফাঁকি আৰু নথিপত্ৰৰ নানানটা বিসঙ্গতিৰে চলা বাহনৰ গৰাকীলৈ পৰিবহন বিভাগৰ তৰফৰ পৰা চূড়ান্ত সকীয়নি। নথিপত্ৰ নৱীকৰণ আৰু কৰ পৰিশোধ নকৰা যান-বাহনৰ গৰাকীসকল নিতৌ ধৰা পৰিছেহি পৰিবহণ বিভাগৰ অতৰ্কিত তালাচীত। এনেবোৰ বাহনৰ চতুৰালিৰ বিৰুদ্ধে সোমবাৰেও মহানগৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত অভিযানত নামে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ অভিযানকাৰী দল।
সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক শাখা) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত, পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম, যানবাহন পৰিদৰ্শক বলেন পাঠক, দুৰ্গা গগৈৰ লগতে প্ৰৱৰ্তক পৰিদৰ্শক আৰু সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শককে ধৰি বিভাগৰ অন্যান্য বিষয়া-কৰ্মীৰ দল কেইবাটাও ভাগত বিভক্ত হৈ মহানগৰীৰ বেতকুছি, তেতেলীয়া, ভূটনাথ, সৰুসজাই, খানাপাৰা, সোনাপুৰ আদি বিভিন্ন অঞ্চলৰ ৰাজপথত ১০০০ৰো অধিক বাহনত তন্নতন্নকৈ তালাচী চলায়।

তালাচীৰ সময়ত বাহনৰ কৰ অনাদায়ৰ লগতে নথিপত্ৰ নৱীকৰণৰ ক্ষেত্ৰত ধৰা পৰা বিভিন্ন বিসঙ্গতিত ২৫০ৰো অধিক বাহনৰ বিৰুদ্ধে যান-বাহন আইনৰ অধীনত ঠিতাতে গোচৰ ৰুজু কৰাৰ লগতে দীৰ্ঘদিন ধৰি কৰ আদায় নিদিয়াৰ গুৰুতৰ অভিযোগত ৯০খন বাহন জব্দও কৰে। দিনকদিনে তীব্ৰতৰ হৈ উঠা বিভাগৰ অভিযান সন্দৰ্ভত মন্তব্য কৰাৰ উপৰি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে কয় যে সকলো যানবাহনৰ গৰাকীৰে সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অহা ৩১মাৰ্চলৈকে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ কাৰ্যালয় শনিবাৰ-দেওবাৰকে ধৰি সকলো দিনতে ৰাতিপুৱা ৯ বজাৰ পৰা নিশা ৯ বজালৈকে খোলা থাকিব৷ তেওঁৰ মতে এইখিনি সময়ত যান-বাহনৰগৰাকী পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ আহি কৰ আদায় দিয়াৰ উপৰি নথিপত্ৰ নৱীকৰণকে ধৰি সকলো কাম সমাধা কৰিব পাৰিব।

উল্লেখ্য যে, যানবাহনৰ তালাচীৰ সমান্তৰালভাৱে সোমবাৰে বিভাগৰ বিভিন্ন বিষয়া-কৰ্মীৰ দলে ভাগে ভাগে মহানগৰীৰ বিভিন্ন ঠাইত ব্যক্তিগত আৰু ব্যৱসায়িক বাহনৰ গৰাকী, উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মানকাৰী সংস্থাৰ কাৰ্যালয় আদিত উপস্থিত হৈ শীঘ্ৰে বকেয়াসহ যাৱতীয় সকলো কৰ আদায় দিয়াৰ লগতে বাহনৰ নথিপত্ৰসমূহ নৱীকৰণ কৰিবলৈ চূড়ান্ত সকীয়নি দিয়ে।

Previous Post

মুখ্যমন্ত্ৰীৰ কাৰ্যত মঠ-মন্দিৰত দুঘণ্টা ধৰি বাজি উঠিব ঘণ্টাধ্বনি!

Next Post

চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰা হ’ব লালুপ্ৰসাদক

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰা হ’ব লালুপ্ৰসাদক

চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰা হ’ব লালুপ্ৰসাদক

নিউজ বুলেটিন

নিউজ বুলেটিন

ছলমান খানলৈ উচ্চ ন্যায়ালয়ৰ সকাহ!

ছলমান খানলৈ উচ্চ ন্যায়ালয়ৰ সকাহ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8