গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত, ভাৰত চৰকাৰৰ বিজ্ঞান বিভাগৰ অন্তৰ্গত IASSTৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীয়ে বিষাক্ত সৰ্পদংশন আৰু হৃদপিণ্ড জনিত ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত বিভিন্ন গছ – গছনি আৰু প্ৰাকৃতিক ভাৱে উপলব্ধ উপাদানৰ সহায়ত প্ৰস্তুত কৰা ওষধৰ স্বীকৃত স্বৰূপে সন্মানীয় “এছ এফ ই – জান্দু ২০২২ ” বঁটাৰে সন্মানিত কৰা হয়।
অলপতে কৰ্ণাটকৰ মাইচোৰত অনুষ্ঠিত নৱম আন্তঃৰাষ্ট্ৰীয় ইথনোফাৰ্মাকলজী সংস্থাৰ সভাত অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীক এই সন্মানীয় বঁটা প্ৰদান কৰা হয়। এই বঁটা প্ৰদান কৰে ভাৰতৰ প্ৰখ্যাত ইমামী আৰু কংগ্লুমাৰেট নামৰ প্ৰতিষ্ঠানটোৱে। উল্লেখযোগ্য যে প্ৰায় ২৫ বছৰৰো অধিক কাল ধৰি অধ্যাপক মুখাৰ্জীয়ে বিষাক্ত সৰ্পদংশন নিৰাময়ৰ ক্ষেত্ৰত বিভিন্ন গৱেষণা কৰি আহিছে। তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ওষধী গছ-গছনিৰ চিনাক্তকৰণৰ দ্বাৰা সৰ্পদংশনৰ চিকিৎসাৰ ক্ষেত্ৰত বিশেষ সুনাম অর্জন কৰিবলৈ সক্ষম হৈছে।
সমান্তৰালভাৱে বিভিন্ন ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰতো তেওঁ ওষধী গছৰ পৰীক্ষা – নিৰীক্ষা আৰু পৰ্যায়ক্ৰমে গৱেষণা কৰি আছে। ইয়াৰ অংশ হিচাপে অধ্যাপক মুখাৰ্জীয়ে IASST চৌহদত থকা ওষধী গছৰ উদ্যানখন উন্নয়নৰ ক্ষেত্ৰত আগ-ভাগ লৈছে। আনহাতে অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীয়ে সদৰি কৰা অনুসৰি অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত সামাজিক আৰু সাংস্কৃতিক বৈশিষ্ট্য অক্ষুণ্ণ ৰাখি অঞ্চলটোত উপলব্ধ স্থানীয় ওষধী গছৰ সংৰক্ষণৰ হকে কাম কৰি যাব। উল্লেখযোগ্য যে, বিশ্ব স্বাস্থ্য সংস্থায়ো গ্ৰীষ্মপ্ৰধান দেশ সমূহত সৰ্পদংশনৰ সমস্যাক এক প্ৰত্যাহ্বান বুলি ব্যক্ত কৰি ইয়াৰ প্ৰতিকাৰৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই স্বীকৃতি প্ৰদান কৰিছে। ইফালে এনে সন্মানীয় বঁটা লাভ কৰি IASSTলৈ গৌৰৱ কঢ়িয়াই অনা বাবে প্ৰতিষ্ঠানখনৰ সকলোৱে অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীক শুভেচ্ছা জ্ঞাপন কৰিছে।