• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

নিউজ ডেস্ক by নিউজ ডেস্ক
June 8, 2023
in সংবাদ, অসম
1 min read
0
পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
Share on FacebookShare on Twitter

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ৰাখি অসম মহিলা অভিযন্তা সন্থা আৰু অসম প্ৰদুষণ নিয়ন্ত্ৰণ পৰিষদৰ যৌথ উদ্যোগত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত ৩ জুনত বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় ৷ আনহাতে সিদিনা অসম মহিলা অভিযন্তা সন্থাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী, বৰ্তমানৰ উপদেষ্টা, গুৱাহাটী গাৰ্লছ পলিটেকনিকৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰীতা ৰাজখোৱা আৰু সন্থাৰ আন এগৰাকী উপদেষ্টা, বিশিষ্ট শিশু সাহিত্যক , বন্দিতা ফুকনে বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী সকলৰ মানসিক উৎকৰ্ষ সাধন, শৈক্ষিক উত্তৰণৰ বাবে মুঠ সাতখন গ্ৰন্থ বিদ্যালয়ৰ গ্ৰন্থাগাৰত দান হিচাপে প্ৰদান কৰে। অনুভব পৰাশৰৰ সম্পাদনাত প্ৰকাশিত বন্দিতা ফুকনৰ গ্ৰন্থখন হল “বন্দিতা ফুকনৰ নিৰ্বাচিত শিশু উপন্যাস”। তেনেদৰে ৰীতা ৰাজখোৱাই দান দিয়া ছয়খন গ্ৰন্থৰ পাঁচখন হল তেওঁৰ স্বামী তথা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব আৰু অৰুণাচল প্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল জ্যোতি প্ৰসাদ ৰাজখোৱাৰ। আনখন তেওঁৰ ককায়েক, বিশিষ্ট শিক্ষাবিদ দিলীপ কুমাৰ দত্তৰ।

জ্যোতি প্ৰসাদ ৰাজখোৱাৰ তিনিখন ইংৰাজী আৰু দুখন অসমীয়া। ইংৰাজী গ্ৰন্থ তিনিখন হল ক্ৰমে – SUKAPHA & his Times , Generalissimo Chilarai and his Times , আৰু Sankardeva : His life Preachings & Practices ( A historical Biography )। অসমীয়া গ্ৰন্থ দুখন হল – সংযুক্ত সৈন্য বাহিনীৰ সৰ্বাধিনায়ক চিলাৰায় আৰু তেওঁৰ সময়চোৱা , সৰু কালৰ কিছু কথা : পটভূমি যোৰহাট ( আত্মকথা – ১ )। তেনেদৰে দিলীপ কুমাৰ দত্তৰ গ্ৰন্থখন হল ফলি লোৱা বুৰঞ্জী। এই উপলক্ষে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক পবিত্ৰ বৰুৱাই সঞ্চালনা কৰা সভাখনত উপস্থিত সকলোকে আদৰণি জনায় সন্থাৰ সভানেত্ৰী ডঃ বিভা দাস শইকীয়াই। সভাত সন্থাৰ সম্পাদিকা অন্তৰা বৰুৱা , প্ৰতিষ্ঠাপক সভানেত্ৰী, উপদেষ্টা ৰীতা ৰাজখোৱা আৰু বন্দিতা ফুকন , বিদ্যালয়ৰ প্ৰধান শিক্ষক অশোক কুমাৰ কলিতাকে ধৰি বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী , শিক্ষক – শিক্ষয়ত্ৰী, কৰ্মচাৰী উপস্থিত থাকে। বিদ্যালয়ৰ ফালৰ পৰা তেওঁলোকৰ গ্ৰন্থাগাৰত মূল্যৱান গ্ৰন্থ দান দিয়া বাবে ৰীতা ৰাজখোৱা আৰু বন্দিতা ফুকনক ধন্যবাদ জ্ঞাপন কৰা হয়।

Previous Post

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

Next Post

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি

ৰয়েল গ্ল'বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8