সমাগত দুৰ্গা পূজা। কেবিনেট বৈঠকৰ পিছতে ৰাজ্যত পূজাৰ বতৰক লৈ কঠোৰ হৈছে ৰাজ্য চৰকাৰ। ৰাজ্য প্ৰত্যেকগৰাকী জিলা উপায়ুক্তৰ লগত ভিডিঅ’ কনফাৰেন্সিঙত মিলিত হ’ব মুখ্যমন্ত্ৰীগৰাকী।
ইতিমধ্যে কিছুদিনৰ পূৰ্বে পূজাৰ SOP প্ৰকাশ কৰিছিল ৰাজ্য চৰকাৰে।
- পূজা কমিটীয়ে উপায়ুক্তৰ পৰা অনুমতি লব লাগিব।
- কমিটিৰ বিষয়ববীয়াই ভেকচিন লোৱাৰ ছাৰ্টিফিকেট জমা দিব লাগিব
- দুয়োপালি ভেকচিন লোৱাসকলে পূজা মণ্ডপত অগ্ৰাধিকাৰ পাব
- পূজাৰ মণ্ডপত সামাজিক দূৰত্ব মানি চলিব পৰাকৈ মুকলি হ’ব লাগিব
- সন্দেহ হলেই টেষ্টিং কৰাৰ ব্যৱস্থা থাকিব লাগিব
- প্ৰৱেশ আৰু প্ৰস্থানৰ দ্বাৰ বেলেগ হ’ব লাগিব
- পূজাৰীয়ে ভেকচিন লোৱাটো বাধ্যতামূলক
- মাস্ক পৰিধান কৰি পূজা চাব পাৰিব
- মাস্ক যোগান ধৰাৰ ব্যৱস্থা কৰিব পূজা কমিটিসমূহে
- পূজাৰ পঞ্চমীৰ দিনা পূজাৰী আৰু কমিটিৰ বিষয়ববীয়াৰ টেষ্ট কৰোৱা হ’ব
- দৰ্শনাৰ্থীসকলে প্ৰৱেশদ্বাৰত ভেকচিন লোৱাৰ প্ৰমানপত্ৰ দেখুৱাব লাগিব