বৃহত্তৰ পাণ্ডু সাহিত্য সভাই বিগত বছৰৰ দৰে এইবাৰো বহাগত অঞ্চলটোৰ ৮ জন বয়োজ্যেষ্ঠ নাগৰিকক ঘৰে ঘৰে গৈ ফুলাম গামোছা আৰু ওলগণি পত্ৰৰে সম্বৰ্ধনা জনায়। বৃহত্তৰ পাণ্ডু সাহিত্য সভাৰ সভাপতি মুকুট দাসৰ নেতৃত্বত যোৱা সজাতি দলটোৱে বয়োজ্যেষ্ঠ নাগৰিক ক্ৰমে – নৰেশ চন্দ্ৰ তালুকদাৰ, শংকৰ লাল পাৰিক, নিমাই চন্দ্ৰ দাস, পুৰেণ বৰা, উমেশ চন্দ্ৰ দাস, গোপীনাথ দাস , লাবন্য দাস আৰু দুৰ্গে দাসক নিজ গৃহত গৈ সম্বৰ্ধনা জনায়। আনহাতে সজাতি দলটোত বৃহত্তৰ পাণ্ডু সাহিত্য সভাৰ কৰ্মকৰ্তা ক্ৰমে – জয়া দাস, যুতিকাৰাণী দাস, নাৰায়ণ হাজৰিকা, অমিয়া দাস সন্যাসী আৰু ইন্দ্ৰপ্রভা হাজৰিকা উপস্থিত আছিল।