গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনলৈ মাজতে মাত্ৰ দুটামান দিন বাকী থকা অৱস্থাত ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। সমান্তৰালভাৱে শাসকীয় বিজেপি মিত্ৰজোঁটে তিনিখনত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ পাছত বাকী ৫৭ খন আসনত বিজয় লাভৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীকে ধৰি মিত্ৰজোঁটৰ চৰকাৰৰ বিজেপি আৰু অগপৰ মন্ত্ৰী, বিধায়ক সকলে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই আছে। ইয়াৰ মাজতে বিজেপি আৰু অগপ দলত চলি আছে আন ৰাজনৈতিক – অৰাজনৈতিক দল – সংগঠনৰ নেতা – কৰ্মীৰ যোগদান প্ৰক্ৰিয়া।
সোমবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্প চৌহদত অনুষ্ঠিত ১৫ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী সৌৰভ ঝুনঝুনৱালাৰ নিৰ্বাচনী প্ৰচাৰ সভাত আঠগাঁও কবৰস্থান কমিটিৰ কাৰ্যকৰী সভাপতি জিয়াদুল ইছলাম, ৰুহুল কুড্ডুছ, আৰিফা বেগম, আজমিৰী বেগমৰ নেতৃত্বত মাছখোৱাকে ধৰি দাঁতি কাষৰীয়া বৃহত্তৰ অঞ্চলৰ সংখ্যালঘু সম্প্ৰদায়ৰ ৪০ গৰাকী মহিলাকে ধৰি মুঠ ৬০ গৰাকী প্ৰভাৱশালী লোকে বিজেপি দলত যোগদান কৰে। দলটোত যোগদান কৰা সকলক বিজেপিৰ দলীয় প্ৰতীক চিহ্ন সম্বলিত টুপী আৰু বস্ত্ৰৰে আদৰণি জনায় গুৱাহাটী পৌৰ নিগমৰ প্ৰভাৰী তথা মন্ত্ৰী অশোক সিংঘলে।
সভাত বিধায়ক অমিয় ভূঞা, প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংঘি, বিজেপিৰ সংখ্যালঘু মৰ্চাৰ প্রাক্তন ৰাজ্যিক সভাপতি নজমুল আলম লস্কৰ, ভাৰতীয় জনতা যুৱ মর্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক নিহাল কাশ্যপ আৰু কৃষক মৰ্চাৰ নেতা দেৱজিৎ বৰা , অগপৰ জিলা প্ৰতিনিধি পাৰভেজ আহমেদ, অধিবক্তা নাবৰুজ মনোৱাৰ, চাজিদ সুভান, চৌকত আলী, জাফৰ আহমেদকে ধৰি কেবাজনো নেতৃস্থানীয় লোক আৰু পুৰুষ – মহিলা নিৰ্বিশেষে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ৩০০ লোক উপস্থিত থাকে।
আনহাতে ভাষণ প্ৰসংগত মন্ত্ৰী অশোক সিংঘলে অসমতে নহয় সমগ্ৰ ভাৰততে কংগ্ৰেছ বা আন আন ৰাজনৈতিক দলে সংখ্যালঘু সম্প্ৰদায়ৰ লোক সকলক কেৱল ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি ব্যক্ত কৰি বিজেপি দলে ৰাজনীতিৰ উৰ্ধত সকলোকে সমভাবে উন্নয়নৰ ভাগিদাৰী কৰিছে বুলি কয়। আনহাতে সভাত যোগদান কৰা সকলোৱে আগন্তক পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী সৌৰভ ঝুনঝুনৱালাক বিপুল ভোটত বিজয়ী কৰিব বুলি সদৰি কৰে আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমখন দেশৰ ৫ খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হব বুলি আশা ব্যক্ত কৰে। ইফালে খিলঞ্জীয়া অসমীয়া মুছলমান সম্প্ৰদায়ৰ বসতি প্ৰধান বৃহত্তৰ মাছখোৱা অঞ্চলৰ ৬০ জনকৈ প্ৰভাৱশালী লোকে বিজেপি দলত যোগদান কৰা বিষয়টোৱে পৌৰ নিগমৰ নিৰ্বাচনত নিশ্চিতভাবে বিজেপি মিত্ৰজোঁটক লাভাম্বিত কৰিব।