১৫ ফেব্ৰুৱাৰীৰ পৰা দেশত বাধ্যতামূলক কৰা হৈছে ফাষ্টটেগ ।
ইতিমধ্যেই টোল-প্লাজাসমূহক নিৰ্দেশ প্ৰদান কৰিছে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ।
২০১৭ চনৰ পিছত ক্ৰয় কৰা প্ৰতিখন বাহনত বাধ্যতামূলক কৰা হৈছে ফাষ্টটেগ ।
অন্যথা ভৰিব লাগিব দুগুণ জৰিমনা ।
কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই কঠোৰ সিদ্ধান্ত ।
অৱশ্যে দুচকীয়া বাহনৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰা হৈছে ।
সোমবাৰে মাজনিশাৰে পৰা বলৱৎ হ’ব ফাষ্টটেগৰ নিয়ম ।
ফাষ্টটেগ হৈছে এক টোল সংগ্ৰহ প্ৰক্ৰিয়া, য’ত আৰ এফ আই ডি প্ৰযুক্তিৰে ধন সংগ্ৰহ কৰা হয় ।
যাত্ৰীসকলে টোলগেটত অতিসহজে ধন পৰিশোধ কৰিব পাৰে ।
সেইমৰ্মে, ২০০ টকা দি ক্ৰয় কৰিব পাৰিব ফাষ্টটেগ আৰু অতি কমেও ১০০ টকা ৰিচাৰ্জ কৰিব পাৰিব ।
ডেবিট কাৰ্ড আাৰু ক্ৰেডিট কাৰ্ডৰ জৰিয়তেও সংলগ্ন কৰিব পাৰিব ফাষ্টটেগ ।
উল্লেখ্য, চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰা ফাষ্টটেগ বাধ্যতামূলক কৰা হৈছিল যদিও সময়সীমা বৃদ্ধি কৰি ১৫ ফেব্ৰুৱাৰীৰ মাজনিশাৰ পৰা বাধ্যতামূলক কৰা হৈছে ফাষ্টটেগ ।
photo: google