গুৱাহাটীৰ পশ্চিম জালুকবাৰী সাৰ্বজনীন শ্ৰী শ্ৰীদুৰ্গা পূজা উদযাপন সমিতিৰ উদ্যোগত বিগত বৰ্ষ সমূহৰ দৰে এইবেলিও স্থায়ী পূজা মণ্ডপত অহা ৮ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে ৩২ সংখ্যক শাৰদীয় শ্ৰী শ্ৰীদূৰ্গা পূজাৰ আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি ৮ অক্টোবৰৰ দিনা সন্ধিয়া ৫.৩০ বজাত শ্ৰী শ্ৰীদুৰ্গা দেৱীৰ প্ৰতিমা স্থাপনৰে পাঁচদিনীয়া শাৰদীয় দুৰ্গা পূজাৰ শুভাৰম্ভ কৰা হব। তাৰ পাছত ১২ অক্টোবৰৰ বিজয়া দশমীলৈকে পূজাৰ ধৰ্মীয় যাৱতীয় পৰম্পৰাগত ৰীতি – নীতিৰ উপৰিও দৈনিক ওজাপালি, ঢুলীয়া, পুৰুষ – মহিলাৰ নাগাৰা নাম, আৰতি, প্ৰসাদ আৰু ভোগ বিতৰণ কৰা হব। ১২ অক্টোবৰত দিনৰ ১০.৩০ বজাত দুৰ্গা দেৱীৰ দশমী বিহিত পূজা সমাপনৰ পাছত দেৱী প্ৰতিমা বিসৰ্জনৰে এইবেলিৰ পাঁচদিনীয়া শাৰদীয় দুৰ্গা পূজাৰ সামৰণি পৰিব।
আনহাতে পূজাৰ লগত সংগতি ৰাখি ১২ অক্টোবৰৰ দিনা নিশা ৮ বজাৰ পৰা বাৰে ৰহণীয়া সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী অনুষ্ঠিত হব। আনহাতে ৩২ সংখ্যক শাৰদীয় দুৰ্গা পূজাৰ কাৰ্যসূচী সুচাৰুভাৱে সম্পন্ন কৰিবলৈ পশ্চিম জালুকবাৰী দুৰ্গা মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি নীলমণি শৰ্মা আৰু সাধাৰণ সম্পাদক প্ৰশান্ত তালুকদাৰ ( মুন) ক মূখ্য উপদেষ্টা, ডঃ সত্যেন ৰয়ক সভাপতি , জয়ন্ত মেধি আৰু তীৰ্থনাথ শৰ্মাক কাৰ্যকৰী সভাপতি, নৃপেন তালুকদাৰ ( মুন ) আৰু বাসুদেৱ দাসক সাধাৰণ সম্পাদক, ধ্ৰুৱজ্যোতি শৰ্মা আৰু নিতুমণি দাসক সহকাৰী সাধাৰণ সম্পাদক, হিতেশ শইকীয়াক প্ৰশাসনিক সম্পাদক , পিন্টো শৰ্মা আৰু ধনেশ্বৰ দাসক সাংস্কৃতিক সম্পাদক লৈ ২০২৪ বৰ্ষৰ পশ্চিম জালুকবাৰী সাৰ্বজনীন শ্ৰী শ্ৰীদুৰ্গা পূজা উদযাপন সমিতিখন গঠন কৰা হৈছে । উদযাপন সমিতিয়ে শাৰদীয় দুৰ্গা পূজাৰ আটাইকেইদিনৰ কাৰ্যসূচীতে ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।