ব্ৰক্ষ্মপুত্ৰ নদী অস্বাভাৱিকভাৱে শুকাই অহাত সৃষ্টি হৈছে মৰুভুমি সদৃশ পৰিৱেশ। জোনাইত ব্ৰহ্মপুত্ৰৰ মূলসুতি চিয়াঙৰ বুকুত এতিয়া চলিছে গাড়ী আৰু ট্ৰেক্টৰ৷ মহাবাহু ব্ৰহ্মপুত্ৰৰ মূল উৎস চিয়াং লালী নদীখন ধেমাজি জিলাৰ জোনাই মহকুমাত বিগত কিছুদিনৰ পৰা অস্বাভাৱিকভাৱে শুকাই চৌদিশে বালিময় হৈ পৰিছে৷
উল্লেখযোগ্য যে, চিৰপ্ৰৱাসমান চিয়াং নদীয়ে জোনাইৰ পশ্চিম দিশত লোহিত আৰু ডিবাং নৈৰ সৈতে সংযোগ ঘটাৰ পিছত ব্ৰহ্মপুত্ৰ নাম লৈছে৷ চিয়াং বা ব্ৰহ্মপুত্ৰক এই অঞ্চলত লালী নদী বুলি কয়৷ বিগত কেইদিনত অস্বাভাৱিক হাৰত শুকাই এই চিয়াং লালী নদীৰে পানীৰ স্তৰ বহু তললৈ নামি যোৱাত নদীৰ পাৰত থকা গছ গছনি, ঘাঁহ বন আদিও শুকাই যাবলৈ ধৰিছে।
ইফালে ব্ৰহ্মপুত্ৰ বুকুত অৱস্থিত নদীদ্বীপ কব চাপৰিলৈ এইকেইদিনত জোনাই তিননিমাইল ঘাটৰ পৰা মানুহে খোজ কাঢ়ি বা ট্ৰেক্টৰেৰে ইপাৰ -সিপাৰ হব ধৰিব৷ জোনাই মহকুমা অন্তৰ্গত ক’ব চাপৰি লৈ যোগাযোগ কৰিবলৈ সাধাৰণতে চিয়াং নদীখন যাত্ৰীবাহী ফেৰীৰে পাৰাপাৰ হবলগীয়া হয়৷ কিন্ত এই কেইদিন যাত্ৰীসকলে ফেৰীৰ সলনি ট্ৰেক্টৰেৰে নদীৰ বুকুলৈ আহি নদীৰ কিছু অংশ হাত নাৱেৰে পাৰ হবলৈ সক্ষম হৈছে৷
জানিব পৰা মতে, চিয়াং নদীৰ বুকু বালিময় হৈ পৰাৰ লগতে পানীৰ স্তৰ কমি যোৱাত মানুহে ভাড়া দি ট্ৰেক্টৰেৰে নদী দ্বীপ ক’ব চাপৰিলৈ যাতায়ত কৰিছে৷ যিখন চিয়াং লালী নদীয়ে বাৰিষা কালত বানপানীৰে তাণ্ডৱ চলাই জোনাই মহকুমাত বিভীষিকা সৃষ্টি কৰে; এইখন নদীয়ে বৰ্তমান বালি পলসেৰে ভৰি পৰিছে৷ এনে পৰিস্থিতিৰ ফলত আনহে নালাগে নৈপৰীয়া ৰাইজৰ পোহনীয়া জীৱ-জন্তু আৰু চৰাই চিৰিকটিৰ পানী সেৱনৰ ক্ষেত্ৰতো সমস্যাই দেখা দিছে৷ তদুপৰি নদীৰ বক্ষত এতিয়া তৰপে তৰপে বালি পলসে ভৰি পৰাত জীৱকুলৰ লগতে চিয়াং লালী নদীত মংস্য চিকাৰ কৰি আৰু নদীত উটি অহা কাঠ খৰি সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰা দৰিদ্ৰ পৰিয়ালবোৰৰ এতিয়া কৰ্মহীন হৈ পৰিছে৷
উল্লেখ্য যে, চিয়াং লালী নদীখন এসময়ত অতি গভীৰ আছিল৷ কিন্তু নদীৰ মূল উৎস অৰুণাচল প্ৰদেশৰ পাহাৰত মানুহে যধে মধে গছ কটাৰ লগতে মাটি খনন কৰাৰ ফলত পাহাৰত খহনীয়াৰ সৃষ্টি হৈ বালি মাটি নদীয়েদি উটি অহাত নদীৰ ভূ-পৃষ্ঠ ক্ৰমান্বয়ে ওখ হৈ আহিছে৷ মূলত মানুহৰ ধ্বংসাত্মক কাৰ্যকলাপৰ ফলত চিৰপ্ৰৱাহমান চিয়াং লালী নদী আজি আস্তিত্বৰ সংকটত৷