মেঘালয়ত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। ইষ্ট গাৰো হিল্ছ আৰু ৱেষ্ট খাচী হিলছ জিলাৰ সীমান্তৰ নংশ্ৰামৰ ৰিংডি নদীত বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ। মেঘালয়ৰ তুৰাৰ পৰা শ্বিলং অভিমুখে গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয় যাত্ৰীবাহী বাছখন।
বাছখনে মাজনিশা ১২ বজাত নিয়ন্ত্ৰণ হেৰুৱাই নদীখনত বাগৰি পৰে। বাছখনত যাত্ৰা কৰি আছিল ২১ গৰাকী যাত্ৰী। জানিব পৰা মতে, এতিয়ালৈ চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু দুটা মৃতদেহ এতিয়াও বাছখনৰ ভিতৰতে আৱদ্ধ হৈ আছে।
দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতেই উদ্ধাৰকাৰী দলে ঘটনা স্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।