মৰিয়নি বিধানসভা সমষ্টিৰ চাৰিবাৰৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজি বিধায়ক পদৰ পৰা পদত্যাগ কৰে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী পিয়ুষ হাজৰিকাৰ উপস্থিতিত বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰে তেওঁ।পদত্যাগৰ পিছতে হিমন্তবিশ্ব শৰ্মাৰ কাম- কাজৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে কুৰ্মী।
লগে লগেই ৰূপজ্যোতি কুৰ্মীৰ বিজেপি গমনো নিশ্চিত হৈ পৰিছে। খবৰ অনুসৰি, বিধায়ক গৰাকীয়ে ইতিমধ্যেই সমষ্টিটোৰ কংগ্ৰেছ কৰ্মকৰ্তাসকলৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰিছে আৰু কৰ্মকৰ্তাসকলৰ নব্বৈ শতাংশই আলোচনাকালত তেওঁৰ বিজেপি যাত্ৰাক সমৰ্থন জনাইছে।
উল্লেখ্য যে বিগত ১৪ জুনৰ নিশা টীয়কত বিজেপিৰ এগৰাকী মন্ত্ৰী আৰু এগৰাকী সাংসদৰ সৈতে গোপন বৈঠকত মিলিত হৈছিল ৰূপজ্যোতি কুৰ্মী।উক্ত মন্ত্ৰীগৰাকী আছিল পিয়ুষ হাজৰিকা। আনহাতে কুৰ্মীৰে গোপন বৈঠকত মিলিত হোৱা আনজন বিজেপি নেতা হ’ল সাংসদ তপন গগৈ।মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে মন্ত্ৰী পিয়ুষ হাজৰিকা আৰু সাংসদ তপন গগৈয়ে ৰূপজ্যোতি কুৰ্মীৰ সৈতে সিদিনা বৈঠকত বহিছিল। আৰু উক্ত গোপন বৈঠকত কুৰ্মীয়ে বান্ধি দিয়া চৰ্তাৱলী বিজেপি দলৰ শীৰ্ষ মহলে মানি লোৱাৰ পিছতেই তেওঁ কংগ্ৰেছ ত্যাগ কৰাতো প্ৰায় নিশ্চিত হৈ পৰিছিল ।