সমগ্ৰ দেশে এতিয়া ক’ৰোনা ভাইৰাছৰ সৈতে যুঁজ দি আছে।
ক’ৰোনা সংক্ৰমিত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হৈ আছে। পৰিস্থিতি অনিয়ন্ত্ৰিত দিশে গতি কৰিছে।
এনে সময়ত চিকিসৎক, নাৰ্ছ আৰু হাস্পতালৰ ওপৰত কামৰ বোজা বৃদ্ধি হৈছে।
এনে সময়ত কেতিয়াবা কেতিয়াবা মানুহৰ ক্ষোভ চিকিসৎক আৰু মেডিকেল ষ্টাফৰ ওপৰত প্ৰকাশ কৰা দেখা পোৱা যায়।
কিন্তু এই কথাটো একেবাৰে ভুল।
এই কথাটো ভাইৰেল হোৱা এখন ফটোৰ সৈতে টুইটাৰ ব্যৱহাৰকাৰীয়ে লিখিলে।
ক’ৰোনাৰ সৈতে হোৱা যুঁজত চিকিসৎক আৰু মেডিকেল ষ্টাফৰ সমৰ্থন
উল্লেখ্য বন্দনা মহাজন নামৰ এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে ভাগৰি আৰাম কৰি থকা এগৰাকী নাৰ্ছৰ ফটো টুইট কৰি লিখিলে,
‘মোৰ ক’ভিড হৈছিল, মই ৬ দিন হাস্পতালত ভৰ্তি হৈ আছিলো।
এই ফটোখন এতিয়া মোৰ লগত থাকিব ।
যিসকলে এই টুইটটো পঢ়ি আছে তেওঁলোকে জানি লওক যে, এইসকল লোকো মানুহ হয়।
মই এওঁলোকৰ সহায় কৰিব পৰা নাই যদিও মই এওঁলোকৰ লগত আছো।’
I asked a nurse on duty – how long have you been doing this?
She said Since Covid hit. I hv a son who stays with my parents. For the first few months of Covid I stayed in the hostel. I didnt go home. Now he has exams, so I finish my duty..go home teach— Vandana Mahajan (@oceanblue11oct) April 15, 2021
এগৰাকী নাৰ্ছে ক’লে ক’ৰোনাৰ বাবে কি সমস্যা আহিছে?
বন্দনা মহাজনে আন এটা টুইটত লিখিলে, ‘মই এগৰাকী নাৰ্ছক তেওঁলোকৰ কৰ্তব্যৰ বিষয়ে সুধিলো।
him…..My husband works in the gulf. He is coming home after 4 years. I want to go to the airport to receive him but can't. She is a mother , a wife n a daughter.
— Vandana Mahajan (@oceanblue11oct) April 15, 2021
তেওঁৰ পৰা জানিবলৈ পালো যে তেওঁ কিমান সময় ধৰি কাম কৰি আছে।
I saw the hospital staff bearing the load of the damn virus! I made conversations with the sisters and brothers….With the housekeeping staff…With the young doctors on duty there, with my consultant who came in too see me and support me.
— Vandana Mahajan (@oceanblue11oct) April 15, 2021
তেওঁ ক’লে যে, যেতিয়াৰে পৰা ক’ভিড আৰম্ভ হৈছে তেতিয়াৰে পৰা তেওঁ ইয়াতে আছে।
তেওঁৰ এটি পুত্ৰ আছে আৰু ককা-আইতাৰ লগত থাকে।
ক’ভিডৰ আৰম্ভণিৰ সময়ত তেওঁ হোষ্টেলত আছিল। ঘৰলৈ যাব বিচৰা নাছিল।
কিন্তু এতিয়া সন্তানৰ পৰীক্ষা। যাৰ বাবে তেওঁ ডিউটী শেষ কৰি ঘৰলৈ যাব লাগে আৰু তাক পঢ়াব লাগে।’
Photo: Twitter