ৰাম মন্দিৰৰ নিৰ্মাণৰ বাবে লোকসকলৰ পৰা ফাণ্ড সংগ্ৰহ কৰা হৈ আছে কিন্তু যোধপুৰৰ ৰাম ভক্তিত সমৰ্পিত এনে এক ঘটনা পোহৰলৈ আহিছে যে সেয়া হয়টো আপুনি কেতিয়াও শুনা নায়।
যোধপুৰৰ বাসিন্দা আশা বৰ্তমান এইখন পৃথিৱীত নাই কিন্তু মৃত্যুৰ পূৰ্বে তেওঁ তেওঁৰ সকলো আ-অলংকাৰ ৰাম মন্দিৰৰ নামত অৰ্পণ কৰে।
তেওঁৰ অন্তিমটো ইচ্ছা আছিল যে অন্তিম সংস্কাৰৰ পূৰ্বে তেওঁৰ সকলোখিনি আ-অলংকাৰ ৰাম মন্দিৰৰ নিৰ্মাণৰ কামত আহক।
দৰাচলতে ৰাম মন্দিৰৰ আধাৰত যোধপুৰত সমৰ্পণ নিধি সংগ্ৰহ কৰা প্ৰান্ত প্ৰচাৰক হেমন্তৰ তাত ৪ ফেব্ৰুৱাৰীত ফোন আহে আৰু ক’লে যে মই বিজয় সিঙে কৈ আছো আৰু মোৰ পত্নী আশা, ৰাম মন্দিৰৰ বাবে সকলোখিনি অলংকাৰ দিব বিচাৰিছিল।
আজি তেওঁ আমাক এৰি থৈ গুচি গ’ল।
ইয়াৰ পিছত লোকজনৰ মুখৰ পৰা এষাৰ কথাও নোলাল।
পিছত কান্দি কান্দি ক’লে আপুনি আহক আৰু তেওঁৰ অন্তিম সংস্কাৰৰ পূৰ্বে তেওঁৰ আ-অলংকাৰখিনি লৈ যাওক। তেওঁৰ অন্তিম ইচ্ছা আছিল যে তেওঁৰ সকলোখিনি আ-অলংকাৰ ভগৱান শ্ৰীৰামক দিয়া হওক।
এই কথাটো শুনি প্ৰান্ত প্ৰচাৰক হেমন্ত আচৰিত হৈ উঠে।
Photo: Google