উত্তৰাখণ্ডৰ গ্লেচিয়াৰ বিস্ফোৰণত দেওবাৰে অসমৰ নগাঁও জিলাৰ ৩ যুৱক বৰ্তমানেও সন্ধানহীন।
কামপুৰ উত্তৰ চাংচকীৰ একেখন ঘৰৰে দুই ভাতৃ অমৰজ্যোতি দাস আৰু কমল দাস সন্ধানহীন হোৱাৰ লগতে সন্ধানহীন হোজাইৰ কাকীৰ সুশান্ত দালু নামৰ লোকজনো।
দেওবাৰে শৃংগ বিস্ফাৰণ ঘটি হঠাতে অহা বানত তিনিওগৰাকী উটি যোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে।
তথ্য অনুসৰি, সন্ধানহীন ২ ভাতৃ চামোলী জিলাৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল।
কামপুৰৰ সন্ধানহীন হোৱা জ্যেষ্ঠ ভাতৃ কমল দাসৰ খুলখালীয়েক সুশান্ত দালু।
সেই স্থানতে পিছলৈ কাম কৰিবলৈ লৈ গৈছিল খুলশালীয়েক সুশান্তকো।
সন্ধানহীন যুৱককেইজনৰ পৰিয়ালৰ লোকে চৰকাৰক আহ্বান জনাই যে শীঘ্ৰে তেওঁলোকৰ সন্ধান উলিয়াবলৈ সন্ধান অভিযান আৰম্ভ কৰে যেন।
এই জলপ্ৰলয়ত ১৫০ গৰাকী লোক সন্ধানহীন হৈছে।
Photo: India Today