হিমন্ত বিশ্ব শৰ্মাই সকলো জিলা উপায়ুক্তকে দিয়া নিৰ্দেশসমূহঃ
- কেৱল বান শিবিৰতেই নহয়, য’তেই বানাক্ৰান্ত থাকিব তাতেই পাব লাগিব খাদ্য।
- প্ৰয়োজন হ’লে উপায়ুক্তই খাদ্য ৰান্ধিও খুৱাব লাগিব বন্যাৰ্তক।
- গৰ্ভৱতী মহিলাক হাস্পতাললৈ অনাৰ দায়িত্ব স্বাস্থ্য বিভাগৰ।
- টকাৰ অভাৱ হ’লে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজি, SOPDৰ পৰা লব পাৰিব ধন।
- আৱদ্ধ লোকক উদ্ধাৰৰ বাবে ব্যৱহাৰ কৰা হওক সেনা, NDRF, SDRF আৰু বায়ুসেনা।
- দিনে-নিশাই হাস্পতালত উপলব্ধ হব লাগিব চিকিৎসক।
- প্ৰতিটো বানাক্ৰান্ত অঞ্চললৈ যাব লাগিব স্বাস্থ্য বিভাগৰ কৰ্মী
- আশ্ৰয় শিবিৰলৈ গৈ বন্যাৰ্তৰ দুখ-দুৰ্দশাৰ বুজ লওঁক উপায়ুক্তই।
- প্ৰয়োজন সাপেক্ষে শিবিৰতে নিশা কটাওক উপায়ুক্ত, চৰকাৰী বিষয়াই।
- চিকিৎসা মহাবিদ্যালয়সমূহে স্থাপন কৰক স্বাস্থ্য শিবিৰ।
- জিলা প্ৰশাসনৰ সহায় লৈ বানাক্ৰান্ত অঞ্চলত যোগান ধৰক পশু খাদ্য।
- ক্ষতিগ্ৰস্তক সহায় কৰিবলৈ উপায়ুক্তই নিজেই ব্যৱস্থা ল’ব পাৰিব।
- ক্ষতিগ্ৰস্তক সহায়ৰ বাবে দিছপুৰৰ কোনো আগতীয়া অনুমতি ল’ব নালাগে।
- ক্ষতিপূৰণৰ তালিকা প্ৰস্তুত কৰোঁতে এমাহ ল’ব নোৱাৰিব চৰকাৰী বিষয়াই।
- বান কমাৰ লগে লগে দাখিল কৰিব লাগিব ক্ষতিগ্ৰস্তৰ তালিকা।
- অহা ২–৩ দিনলৈ নিজ নিজ জিলাত থাকিব লাগিব অভিভাৱক মন্ত্ৰীসকল।
- উপায়ুক্তক সহায়ৰ বাবে যিমান মানুহ লাগে যুদ্ধকালীনভাৱে পঠোৱা হ’ব।
- বৰাকত হেলিকপ্টাৰেৰে যোগান ধৰা হ’ব পেট্ৰ’ল-ডিজেল।
- হেলিকপ্টাৰেৰে বৰাকলৈ প্ৰেৰণ কৰা হ’ব খাদ্য-সামগ্ৰী।
- বৰাক উপত্যকাত সকলো ধৰণৰ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ।
- ২৬ জুনৰ পৰা হাফলঙৰ পৰা শিলচৰলৈ মুকলি হ’ব ৰে’ল চলাচল।
- বন্ধ পথ খুলিবলৈ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰে যোগাযোগ অব্যাহত।
- ১২ জুলাইৰ ভিতৰত গুৱাহাটীৰ পৰা হাফলঙলৈ চলিব ৰে’ল।