গুৱাহাটীৰ জুৰোড তিনিআলিত হ’বলগা উৰণীয়া সেতু অহা বছৰৰ ব’হাগ মাহত সম্পূৰ্ণ হ’ব। উৰণীয়া সেতুৰ ওপৰৰ লগতে তলতো যান বাহন চলাৰ ব্যৱস্থা আৰু পথাচাৰীক সমানে গুৰুত্ব দিয়া হ’ব। চিৰিয়াখানাৰ সন্মুখত যানজঁট কমাবলৈ এখন ৰটাৰী নিৰ্মাণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে। “মালিগাঁৱত নিৰ্মাণ কৰি থকা উৰণীয়া সেতুখনো অতি সোনকালেই নিৰ্মাণ কৰিবলৈ চেষ্টা কৰাৰ লগতে গুৱাহাটী-উত্তৰ গুৱাহাটীৰ দলঙৰ কামো ক্ষীপ্ৰতাৰে কৰি থকা হৈছে। দ্বিতীয়খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় এই মাহৰ পৰাই নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব।”
জুৰোডৰ উৰণীয়া সেতু নিৰ্মাণ সম্পূৰ্ণ হ’লেই গুৱাহাটী ক্লাব আৰু বামুণীমৈদাম সংযোগী চাৰিলেণযুক্ত এখন উৰণীয়া সেতু নিৰ্মাণৰ কাম হাতত ল’ম বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। চাৰিয়াখানাৰ সন্মুখত আৰু পল্টনবজাৰত হ’ব ফুট অভাৰ ব্ৰীজ।
মহানগৰীত বহুকেইটা এয়াৰ কণ্ডিচন বাছ ষ্টপেজৰ কাম অতি সোনকালে আৰম্ভ কৰা হ’ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
পুৰণা DC আৰু SP বাংলো খালী কৰি ব্ৰক্ষ্মপুত্ৰ হেৰিটেজৰ বাবে ৰাইজলৈ মুকলি কৰা হ’ব৷ গুৱাহাটী চলাচল কৰা ২০০খন বাছ ইলেক্ট্ৰনিক মাধ্যমেৰে আৰু ১০০খন বাছ CNGৰে চলিব।
অটোমেটিক ট্ৰেফিক ছিগনেলৰ জৰিয়তে যানজঁটৰ সমস্যা দূৰ কৰাৰ ব্যৱস্থা কৰা হ’ব। এইগোটেই খিনি কাম অহা তিনিবছৰত আমি দেখিবলৈ পাম বুলি কয় মুখ্যমন্ত্ৰীয়ে৷