তিনিদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ পূৰ্বাঞ্চললৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বৃহস্পতিবাৰে সন্ধিয়া মণিপুৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী আৰু আজি মণিপুৰত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে উত্তৰ-পূৱৰ প্ৰথমখন অলিম্পিক পাৰ্কো উদ্বোধন কৰিব।
মণিপুৰ চৰকাৰৰ দ্বাৰা নিৰ্মিত, উত্তৰ-পূবৰ প্ৰথম অলিম্পিক পাৰ্ক সংগাইথেলত নিৰ্মাণ কৰা হৈছে। মণিপুৰে অলিম্পিকত বিভিন্ন সময়ত ভাগ লৈ আহিছে আৰু উত্তৰ পূৱক গৌৰৱান্বিত কৰিছে। এই পাৰ্ক নত ৰাজ্যখনৰ ভৱিষ্যতৰ অলিম্পিয়ান সকলৰ প্ৰতিমূৰ্তিও থাকিব। পৰৱৰ্তী সময়ত জুডো, ভাৰোত্তোলন আৰু বক্সিঙৰ বাবে এটা প্ৰশিক্ষণ কেন্দ্ৰও উদ্যানখনত স্থাপন কৰা হ’ব বুলি জানিব পৰা গৈছে।