বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কৰ টুইটাৰ ক্ৰয়ৰ সপোন সঁচা হৈ পৰিছে । উল্লেখ্য যে, টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাইক্ৰ’ব্লগিং ছাইটটো ৪৩ বিলিয়ন ডলাৰত ক্ৰয় কৰাৰ প্ৰস্তাৱ দিছিল। টুইটাৰৰ বোৰ্ডে তেওঁৰ প্ৰস্তাৱটো অনুমোদন জনাইছে।
এলন মাস্ক টুইটাৰৰ অন্যতম ডাঙৰ অংশীদাৰ। টুইটাৰত তেওঁৰ ৯.২% অংশীদাৰিত্ব আছে। চলিত মাহত তেওঁ ঘোষণা কৰে যে তেওঁ টুইটাৰত এটা ডাঙৰ অংশ ক্ৰয় কৰিব। কেইদিনমানৰ পিছত তেওঁ টুইটাৰ ক্ৰয় কৰাৰ প্ৰস্তাৱ দি সমগ্ৰ বিশ্বক আচৰিত কৰিছিল।
টুইটাৰ বোৰ্ডে এই চুক্তিত অনুমোদন জনাইছে । ইলন মাস্ক আৰু টুইটাৰৰ পৰিষদে সোমবাৰে আলোচনা কৰিছিল। এই কথোপকথনত, বোৰ্ডে মাস্কৰ প্ৰস্তাৱ গ্ৰহণ কৰে। অৱশ্যে, চুক্তিটো এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যদিও শীঘ্ৰেই ঘোষণা কৰা হ’ব।