কিয় বাৰে বাৰে ফাদিল হয় চৰকাৰী বিভাগৰ পৰীক্ষাৰ ফলাফল সেয়া এতিয়া যথেষ্ট চিন্তনীয় বিষয় হৈ পৰিছে। অসম আৰক্ষীৰ এছ আই পৰীক্ষাৰ আগেয়ে প্ৰশ্নকাকত ফাদিল হৈছিল নেকি? এনে প্ৰশ্ন উত্থাপন হৈছে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা প্ৰশ্নকাকতক লৈ। দেওবাৰে অনুষ্ঠিত হৈছিল অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষা । উপ-পৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষাৰ এদিন পিছতে পৰীক্ষাৰ প্ৰশ্নকাকত ৰাজহুৱা হোৱাৰ পিছত প্ৰশ্ন উত্থাপন হৈছে যে এইবাৰো প্ৰশ্নকাকত ফাদিল হৈছিল নেকি?
কিয়নো দেওবাৰে অনুষ্ঠিত হৈ যোৱা পৰীক্ষাৰ উত্তৰবহীৰ লগতে প্ৰশ্নকাকতো জমা দি আহিব লগা হৈছিল পৰীক্ষাৰ্থীয়ে। পৰীক্ষা হলত আনকি মোবাইল নিয়াতো আছিল নিষেধাজ্ঞা। ছেবা কৰ্তৃপক্ষই অনুষ্ঠিত কৰা পৰীক্ষাত মোবাইলকে ধৰি ইলেকট্ৰনিক সামগ্ৰী নিষিদ্ধ কৰাৰ লগতে সকলো নিৰাপত্তামূলক ব্যৱস্থা লোৱা হৈছিল।
কিন্তু এই সকলো বিধি-ব্যৱস্থাক একপ্ৰকাৰ উপলুঙা কৰি সোমবাৰে ছ’চিয়েল মিডিয়াত উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ কাকত সকলোৰে মোবাইলে মোবাইলে বিয়পি পৰে। এনেক্ষেত্ৰত আচৰিত প্ৰকাশ কৰিছে সকলো পৰীক্ষাৰ্থীয়ে। প্ৰশ্নকাকত পৰীক্ষাৰ আগেয়ে নে পিছত ফাদিল হ’ল । এই সন্দৰ্ভত চৰকাৰক তদন্ত কৰাৰ বাবে আহ্বান জনাইছে পৰীক্ষাৰ্থীসকলে।