গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত বিজেপি দলে বৃহৎ জয় সাব্যস্ত কৰাৰ পাছতেই এতিয়া গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ কোন হ’ব তাকে লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে । এই সম্পৰ্কত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত বিজেপিৰ বিজয়ী প্ৰাৰ্থীসকলক সম্ভাষণ জনাই বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয় যে গুৱাহাটীবাসীক শিক্ষিত আৰু এখন চিনাকি মুখক মেয়ৰ হিচাপে নিযুক্তি দিয়াৰ কথা ভবা হৈছে ।
উল্লেখ্য যে,গুৱাহাটী পৌৰ নিগমৰ পূৰ্বৰ মেয়ৰ মৃগেন শৰণীয়া গুৱাহাটীবাসীৰ বাবে চিনাকী মুখ । সেই হিচাপে মৃগেন শৰণীয়া গুৱাহাটী পৌৰ নিগমৰ পৰৱৰ্তী মেয়ৰ হ’ব নেকি তাকে লৈ প্ৰশ্ন উঠিছে । কিন্তু বিজেপিৰ একাংশ নেতাৰ বাবে মৃগেন শৰণীয়া পচন্দৰ নহয় । তাৰ সমান্তৰালভাৱে মেয়ৰ হিচাপে শশাংক ডেকাৰ নামো উত্থাপিত হৈছে । উল্লেখযোগ্য যে,মৃগেন শৰণীয়া তিনিবাৰকৈ কাউন্সিলৰ হিচাপে আৰু শশাংক ডেকা দুবাৰকৈ কাউন্সিলৰ হিচাপে নিৰ্বাচিত হৈছে । ইপিনে ডেপুটি মেয়ৰ বিজেপিৰ মিত্ৰ দল অগপৰ কাউন্সিলাৰ হোৱাৰ সম্ভাৱনা আছে যদিও বিজেপিৰ একাংশ কাউন্সিলাৰে ইয়াৰ বিৰোধীতা কৰাৰ সম্ভৱনা আছে । কাৰণ পৌৰ নিগমৰ পৰিষদত এতিয়া বিজেপিৰ ৫২ গৰাকী আৰু অগপৰ মাত্ৰ ৬ গৰাকী কাউন্সিলাৰ আছে ।
অহা 26 এপ্ৰিলৰ ভিতৰত স্পষ্ট হ’ব এই কথা । ২৬ এপ্ৰিলত মাছখোৱা ITA ত আনুষ্ঠানিকভাৱে অনুষ্ঠিত হ’ব বিজেপি আৰু অগপ দলৰ বিজয় উৎসৱ ।এই বিজয় উৎসৱৰ কথা সদৰি কৰি ভৱেশ কলিতাই কয় যে, গুৱাহাটীক অনাগত সময়ত সৰ্বাংগীন সুন্দৰ কৰি তোলা হ’ব । ইপিনে বিধায়ক জয়ন্তমল্ল বৰুৱাই কয় যে, ১ আৰু ৪২ নং ৱাৰ্ডত জনগাঁথনিৰ বাবেই বিজেপি পৰাজয় হৈছে । কেৱল মাত্ৰ ২৫০-৩০০ ভোটৰ ব্যৱধানত বিজেপি দুয়োখন আসন হেৰুৱাব লগা হৈছে ।