নিউজ ডেস্কঃ নহৰুৰ ব্যৱহাৰ আমি সকলোৱে জানো। ই আমাৰ খাদ্যৰ তৃপ্তি বঢ়াই। আমাৰ সকলোৰে ঘৰত অতিকৈ ব্যৱহাৰী বস্তুবিধেই হৈছে নহৰু । এই নহৰুয়ে খাদ্যৰ তৃপ্তি বঢ়োৱাৰ লগতে ই স্বাস্থ্যবৰ্ধক আৰু ঔষধীয় গুণৰ বাবে ব্যৱহাৰ হয় ৷ আজি আমি নহৰুৰ গুণসমূহৰ বিষযে জানো আহক।
- নহৰুক প্ৰাকৃতিক এন্টিবাইটিক বুলি কোৱা হয়।
- নহৰুত পোৱা যায় এন্টিঅক্সিডেন্ট ,এন্টিবেক্টেৰিয়া , এন্টি ফাংগাল আদি গুণসমূহ পোৱা যায়।
- নহৰু হৈছে কীটানুনাশক আৰু বীজাণুনাশক ৷
- নহৰুত পোৱা চালফাৰে আমাৰ শৰীৰৰ হাই ব্লাড পেচাৰ নিয়ন্ত্ৰণ কৰে।
- নহৰুৰ ব্যৱহাৰৰে শৰীৰত বৃদ্ধি হোৱা চৰ্বি কম কৰে আৰু তাৰ বাবে ওজন কম হোৱাত সহায় হয়
- নহৰুৰৰ জৰিয়তে ব্লাড পেচাৰ নিয়ন্ত্ৰণ হৈ থাকে আমাৰ ৷
- হাৰ্টৰ বিভিন্ন ৰোগৰ বাবে নহৰুৰ ব্যৱহাৰ খুবেই লাভৱান ৷
- নহৰুত ভিটামিন চি, ভিটামিন বি 6 চেলনিয়াম আৰু মেগনিছ পোৱা যায় যি আমাৰ ৰোগ
- প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷
- নহৰুয়ে দাঁতৰ বিষ ভাল কৰাটো সহায় কৰে ৷
- অস্থমা, বংকাইটিছ আৰু উশাহ প্ৰণালীত হোৱা সংক্ৰামন নোহোৱা কৰে ৷
ইয়াৰ উপৰিও নেহৰুয়ে এলাৰ্জি কম হোৱাত সহায় কৰে কীট পতংগই কামুৰিলে নহৰু খুন্দি সেই ঠাইত প্রলেপ লগালে এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি ৷ লগতে পাচন তন্ত্ৰ শক্তিশালী কৰিবলৈ নহৰু এটা ভাল ঔষধি গুণ ৷ আপুনি নহৰুৰ পৰা সৰ্বাধিক উপকাৰ পাবলৈ হলে ইয়াক ৰন্ধন প্ৰণালীত ব্যৱহাৰ কৰাতকৈ কেঁচাই খোৱা উচিত