অসম বিধানসভাৰ সচিবালয়ে বিধায়ক দেৱব্ৰত শইকীয়াক পুনৰ বিৰোধী দলপতিৰ মৰ্যাদা ওভতাই দিলে ৷
উল্লেখযোগ্য যে বিধানসভাত প্ৰয়োজনীয় সদস্য সংখ্যা নথকাৰ গইনা লৈ বিধানসভা সচিবালয়ে বিধায়ক শইকীয়াৰ বিৰোধী দলপতিৰ মৰ্যাদা প্ৰত্যাহাৰৰ নিৰ্দেশ জাৰি কৰিছিল ৷
কিন্তু ইয়াক প্ৰত্যাহ্বান জনাই শইকীয়াই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত ন্যায়ালয়ে চলিত বৰ্ষৰ ১২ জানুৱাৰীত সেই নিৰ্দেশনা সাময়িকভাৱে বাতিল কৰি বিধায়কজনক বিৰোধী দলপতিৰ মৰ্যাদা ওভোতাই দিয়াৰ ৰায় প্ৰদান কৰে ৷
আদালত অৱমাননাৰ গোচৰৰ সম্মূখীন হোৱাৰ শংকাতহে বিধায়ক শইকীয়াক অসম বিধানসভাৰ সচিবালয়ে অৱশেষত বিৰোধী দলপতিৰ মৰ্যাদা ওভতাই দিয়া বুলি এচাম দলৰ নেতাই মত প্ৰকাশ কৰিছে ৷