অচিৰেই সলনি হ’ব শ্ৰম আইন ।
সপ্তাহত ৪ দিন কৰ্ম দিন আৰু ৩ দিন ছুটী প্ৰদানৰ এক নতুন নিয়ম প্ৰৱৰ্তন কৰিব কেন্দ্ৰীয় চৰকাৰে ।
পৰিৱৰ্তিত কৰ্মসংস্কৃতিৰ প্ৰতি লক্ষ্য ৰাখি কোম্পানীসমূহত কাম কৰাৰ নতুন নিয়ম প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে ।
এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় শ্ৰম সচিব অপূৰ্ব চন্দ্ৰই ।
কেন্দ্ৰীয় চৰকাৰে এই নিয়মৰ যো-জা চলাইছে যাতে কোম্পানীসমূহত কৰ্মৰত শ্ৰমিক-কৰ্মচাৰীয়ে অধিক উদ্যমেৰে কাম কৰিব পাৰে ।
অৱশ্যে এই নতুন নিয়ম প্ৰৱৰ্তন হ’লে কৰ্মচাৰীসকলে দীঘলীয়া শ্বিফটত কৰ্মৰত হ’বলগীয়া হ’ব পাৰে ।
কেন্দ্ৰীয় শ্ৰম সচিবে জানিবলৈ দিয়া অনুসৰি, সপ্তাহত ৪৮ ঘণ্টা কাম কৰাৰ নিয়ম অব্যাহত থাকিব যদিও কোম্পানীসমূহে তিনিটা শ্বিফটত নিয়োগ কৰিব পাৰিব কৰ্মচাৰীক ।
১২ ঘণ্টাৰ শ্বিফটত কাম কৰা কৰ্মচাৰীয়ে সপ্তাহত ৪ দিন, ১০ ঘণ্টা শ্বিফটত কাম কৰা কৰ্মচাৰীয়ে সপ্তাহত ৫ দিন আাৰু ৮ ঘণ্টা শ্বিফটত কাম কৰা কৰ্মচাৰীয়ে সপ্তাহত ৬ দিন কাম কৰিব লাগিব ।
কৰ্মচাৰী নিয়োগৰ ক্ষেত্ৰত কোম্পানীসমূহৰ ওপৰত কোনো বাধ্যবাধকতা আৰোপ নকৰে চৰকাৰে ।
নতুন শ্ৰম আইন বলৱৎ হ’লে ৮-১২ ঘণ্টাৰ কৰ্মদিন নিৰ্বাচনৰ স্বাধীনতা লাভ কৰিব কোম্পানীসমূহে ।
এই আইনে বিশেষকৈ দেশৰ তথ্য আৰু প্ৰযুক্তি খণ্ডত কৰ্মৰত লোকসকল অধিক উপকৃত কৰাৰ সম্ভাৱনা আছে ।