দেশত দ্ৰুতগতিত চলি আছে ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ।
বৰ্দ্ধিত ক’ৰোনা সংক্ৰমণৰ বাবে শংকিত হৈ পৰিছে দেশবাসী।
সেয়ে সমগ্ৰ দেশতে ক’ৰোনা প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদান কৰাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আহ্বান জনালে ট্ৰেড ইউনিয়ন সমূহে।
এক পত্ৰযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আহ্বান জনাইছে ট্ৰেড ইউনিয়ন সমূহে।
তেওঁলোকে পত্ৰখনত উল্লেখ কৰিছে যে দেশৰ সকলো শ্ৰমিক তথা জনসাধাৰণকে ক’ৰোনাৰ বিনামূলীয়া প্ৰতিষেধক প্ৰদান কৰিব লাগে।
আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰিব লাগে।
Photo Credit: Google