দিল্লী ক’ৰোনা ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰিছে।
তাৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে গ্ৰহণ কৰিছে বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ।
আজি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এক সংবাদমেল আয়োজন কৰে।
উক্ত সংবাদমেল খনত মুখ্যমন্ত্ৰী জনে ঘোষণা কৰে যে,
দিল্লীৰ থকা প্ৰায় ৭২ লাখ ৰেচন কাৰ্ড থকা ব্যক্তিলৈ ২মাহৰ বাবে বিনামূলীয়া ৰেচন যোগান ধৰিব।
লগতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনাই যে দিল্লীত থকা সকলো অটো চালক ,ৰিক্সা চালক, টেক্সী চালকলৈ চৰকাৰৰ ফালৰ পৰা ৫০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।
দৰিদ্ৰ সকলক আৰ্থিক ভাৱে সকাহ প্ৰদান কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে দিল্লী চৰকাৰে।
লগতে স্পষ্টীকৰণ দিছে যে ২ মাহলৈ ৰেচন যোগান ধৰিলেও লকডাউন ২মাহলৈ বৃদ্ধি কৰাটো নুবুজায়।
Photo Credit : Google