গুৱাহাটীত গ্ৰেপ্তাৰ কৰা হৈছে ২৬ গৰাকীকৈ ম্যানমাৰৰ নাগৰিক।নিশা গুৱাহাটীৰ পল্টন বজাৰৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ।ধৃত ম্যানমাৰৰ নাগৰিককেইজনৰ পৰা মিজোৰামৰ ঠিকনাসহ ভুৱা ভোটাৰ পৰিচয় পত্ৰ, আধাৰ কাৰ্ড জব্দ কৰিছে আৰক্ষীয়ে।
ধৃত লোকসকলৰ পৰা আৰক্ষীয়ে ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্তৰো ভুৱা পৰিচয় পত্ৰ উদ্ধাৰ কৰিছে।ইতিমধ্যে আৰক্ষীয়ে পল্টন বজাৰ আৰক্ষী থানাত ৮৬০/২০২১ নম্বৰত এক গোচৰ ৰুজু কৰিছে।
মহিলাসহ ২৬জনকৈ বিদেশী নাগৰিকক আটক কৰা ঘটনাই বহিঃৰাষ্ট্ৰৰ পৰা অসমলৈ সহজে আহ-যাহৰ ক্ষেত্ৰত একাংশ সন্দেহযুক্ত লোকক যে আমাৰ দেশৰ উচ্চস্তৰীয় বিষয়া তথা সংশ্লিষ্ট সংস্থায়ে ভুৱা নথি পত্ৰৰ যোগান ধৰে সেয়া স্পষ্ট কৰি দিছে।
আজি তেওঁলোকক আদালতত হাজিৰ কৰাৰ পাছত সোমবাৰে পুনৰ জিম্মাত লোৱাৰ সম্ভাৱনা আছে।