ফুটবলৰ মহাতাৰকা মাৰাডোনাৰ হাবলট এডিশ্যনৰ মৃল্যৱান ঘড়ী চুৰ কৰি গ্ৰেপ্তাৰ হয় শিৱসাগৰৰ এজন যুৱক। কিছুদিনৰ পূৰ্বে মৃত্যু হোৱা মাৰাডোনাৰ এই ঘড়ীটো চুৰ কৰি আনিছিল ৱাজিদ হুচেইন নামৰ যুৱকে। মহান ফুটবলাৰগৰাকীৰ ঘড়ী চুৰি কৰি পলায়ন কৰিছিল যুৱকজনে৷ অসম আৰক্ষীৰ সহযোগত ডুবাই আৰক্ষীয়ে শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰে ৱাজিদ হুছেইন নামৰ লোকজনক। শহুৰেকৰ ঘৰত আশ্ৰয় লৈ থকাৰ সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৱাজিদক।
ডুবাইৰ এটা কোম্পানীত কৰ্মৰত হৈ থকা আছিল ৱাজিদ হুছেইনে ৷ ২০২১ৰ ১৫ আগষ্টত ডুবাইৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল ৱাজিদে৷ ৱাজিদক গ্ৰেপ্তাৰৰ পাছতে আৰক্ষীয়ে উদ্ধাৰ কৰিছে মাৰাডোনাৰ ঘড়ীটো৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত প্ৰকাশ কৰা মতে অসম আৰক্ষীয়ে ডুবাই আৰক্ষীৰ তথ্যৰ ভিত্তিত মাৰাডোনাৰ এই ঘড়ীটো আৰু চোৰটোক কেনেদৰে গ্ৰেপ্তাৰ কৰিলে।হাবলট এডিশ্যনৰ এই মৃল্যৱান ঘড়ীটোৰ ওপৰত আছিল মাৰাডোনাৰ স্বাক্ষৰ।