জম্মু-কাশ্মীৰৰ পুলৱামাত বিদ্যুৎ যোগান বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে প্ৰথমবাৰৰ বাবে সংস্থাপন কৰা হ’ল গেছ ইনছুলেটেড চাবষ্টেচন । ইতিমধ্যে কেন্দ্ৰীয় শাসিত অঞ্চলটোত গেছ ইনছুলেটেড চাবষ্টেচন সংস্থাপনৰ কাম আৰম্ভ হৈছে ৷
বিভাগীয় বিষয়াৰ অনুসৰি, শেহতীয়াকৈ লাছিপোৰাত সংস্থাপন কৰা হয় জম্মু-কাশ্মীৰ ট্ৰেন্সমিচন কৰ্প’ৰেচন লিমিটেডৰ প্ৰথমটো গেছ ইনছুলেটেড চাবষ্টেচন । বৰ্তমান জম্মু-কাশ্মীৰৰ আন কেইবাটাও স্থানত গেছ ইনছুলেটেড চাবষ্টেচন স্থাপনৰ কাম অব্যাহত আছে ।জম্মু-কাশ্মীৰ প্ৰশাসনে গ্ৰহণ কৰা এই পদক্ষেপৰ শলাগ লয় পুলৱামাৰ স্থানীয় বাসিন্দাসকলে । শীতকালত কাশ্মীৰ উপত্যকাত বিদ্যুতৰ অভাৱৰ বাবে সৃষ্টি হোৱা দীৰ্ঘদিনীয়া সমস্যা গেছ ইনছুলেটেড চাবষ্টেচন সংস্থাপনৰ জৰিয়তে সমাধান হ’ব বুলি আশা প্ৰকাশ কৰিছে পুলৱামাবাসীয়ে । উল্লেখ যে, শীতকালত কাশ্মীৰত সঘনাই বিদ্যুৎ কৰ্তন হৈ আহিছিল ৷ কিন্তু এতিয়াৰে পৰা সমাধান হ’ব এই সমস্যা । গেছ ইনছুলেটেড চাবষ্টেচন সকলোৰে বাবে লাভজনক হ’ব বুলি তেওঁ মন্তব্য কৰে স্থানীয় লোকে ।