২০২২ চনত অগপৰ লক্ষ্য ২৫ লাখ ৷ আঞ্চলিক দলটোত অন্তৰ্ভুক্ত কৰিব ২৫ লাখ নতুন সদস্য ৷ নতুন বছৰত অগপ দলত যুৱক-যুৱতী তথা মহিলাক বিশেষ অগ্ৰাধিকাৰ দিয়াৰ সংকল্প অগপ সভাপতি অতুল বৰাৰ ৷ অসমবাসীক আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভকামনা জনাই নতুন বছৰত ৰাজ্যৰ আঞ্চলিক দলটো অধিক শক্তিশালী কৰাৰ সংকল্প লৈছে অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই ৷
অগপ দলৰ কাম-কাজ তথা বিশ্বাসযোগ্যতাৰ বাবে মিত্ৰজোঁটৰ সহযোগী দল হিচাপে দলটোক চৰকাৰী আসনত বহাইছিল অসমৰ জনতাই ৷ যাক লৈ অসমবাসী ৰাইজক পুনৰ ধন্যবাদ জনাইছে অগপৰ কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই ৷ ৰাজ্য চৰকাৰৰ কৃষি, অসম পশুধন আৰু পশুপালন বিভাগৰ লগতে অসম চুক্তি ৰূপায়ণ দাযিত্ব লৈ সততা নিষ্ঠাৰে অসমৰ সৰ্বাঙ্গীন উন্নয়ণ কৰি অহা বুলি দাবী কেশৱ মহন্তৰ।