ভাৰতত ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰসকলৰ টিকাকৰণ আজিৰে পৰা আৰম্ভ হ’ব। জানিব পৰা মতে, ক’ৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজত ভেকচিন গ্ৰহণ কৰিবলৈ ৮ লাখৰো অধিক কিশোৰে কোউইন প’ৰ্টেলত (CoWIN) পঞ্জীকৰণ কৰিছে। সকলোকে প্ৰদান কৰা হ’ব ভেকচিন। দেশত টিকাকৰণ কাৰ্যসূচীৰ আৰম্ভণি হোৱাৰ প্ৰায় ১ বছৰ উকলিছে। চৰকাৰে বিগত বৰ্ষৰ ১ মে’ৰ পৰা ১৮ বছৰৰ অধিক বয়সৰ লোকসকলক টিকাকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্যই দেশবাসীক কিশোৰসকলৰ টিকাকৰণ কৰোৱাৰ বাবে আহ্বান জনাইছে। তেওঁ শনিবাৰে টুইট কৰি কয়, ‘‘শিশু সুৰক্ষিত, তেন্তে দেশৰ ভৱিষ্যৎ সুৰক্ষিত! নৱবৰ্ষ উপলক্ষে আজিৰে পৰা ১৫ৰ পৰা ১৮ বছৰীয়াসকলৰ COVID19 টিকাকৰণৰ বাবে COWIN প’ৰ্টেলত ৰেজিষ্ট্ৰেচন আৰম্ভ কৰা হৈছে। মোৰ পৰিয়ালসমূহলৈ আহ্বান যে আপোনালোকৰ শিশুৰ সন্তানৰ টিকাকৰণৰ বাবে পঞ্জীয়ন কৰক।’’
উল্লেখ্য যে, বিদ্যালয়ৰ সৈতে আলোচনাৰ পিছত আৰম্ভ হোৱা টিকাকৰণ অভিযান হাস্পতাল আৰু স্বাস্থ্য কেন্দ্ৰত আৰম্ভ হ’ব। কোউইন প্লেটফৰ্মত এতিয়ালৈ ১৫–১৮ বছৰৰ বাবে ৮,০১,৪৫১ পঞ্জীয়ন হৈছে। ২০০৭ আৰু ইয়াৰ পূৰ্বে জন্মগ্ৰহণ কৰাসকল টিকাকৰণৰ পাত্ৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে কয় যে কিশোৰক কেৱল কোভেক্সিন দিয়া হ’ব আৰু সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ ভেকচিনৰ অতিৰিক্ত ড’জ প্ৰেৰণ কৰা হ’ব।